নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমৰীয়াত সৰ্বভাৰতীয় পৰ্যায়ৰ হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা

ডিমৰীয়াৰ মালয়বাৰীত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰাইজমানী হিচাপে থাকিব সৰ্বমুঠ তিনি লাখ টকা।

মালয়বাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আয়োজন কৰা এই হাফ মাৰাথন দৌৰৰ লগতে অনুষ্ঠিত হ’ব ফান ৰান। পুৰুষ-মহিলা উভয়ে শাখাতে অনুষ্ঠিত হ’বলগীয়া এই হাফ মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক প্ৰদান কৰা হ’ব ক্ৰমে ৫০,০০০ টকা, ৩০,০০০ আৰু ২০,০০০ টকা। লগতে ল’ৰা-ছোৱালী উভ‌য় শাখাতে অন্য সাতগৰাকী প্ৰতিযোগীক বিশেষভাৱে পুৰস্কৃত কৰা হ’ব। আজি ক্ষেত্ৰীত উদযাপন সমিতিৰ ক্ৰীড়া বিভাগে আয়োজন কৰা এখন সংবাদ মেলত এই কথা ঘোষণা কৰে উদ্যোক্তাই।

আনহাতে, এই সংবাদমেলতে ব্ৰেণ্ড এম্বেছাদৰ হিচাপে থকা মণিপুৰৰ অলিম্পিয়ান থকছম অনুৰাধা, আন্তঃৰাষ্ট্ৰীয় এথলীট তৈবুন নেছা আৰু আন্তঃৰাষ্ট্ৰীয় মাৰাথানৰ আব্দুল বাৰেকে উপস্থিত থাকি দৌৰ প্ৰতিযোগিতাৰ কেপ আৰু টি-ছাৰ্ট আনুষ্ঠানিকভাৱে মুকলি কৰে।

১৮ জানুৱাৰীৰ কাহিলি পুৱা ৫ বজাত অনুষ্ঠিত হ’বলগীয়া এই খেলৰ উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে ইতিমধ্যে অনলাইনযোগে সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ নিশ্চিত কৰা বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে।

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ৩০ ডিচেম্বৰ :
You might also like