বগৰীবাৰী উপ-ডাকঘৰৰ নথি-পত্ৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ
ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ বগৰীবাৰী উপ-ডাকঘৰৰ নথি-পত্ৰত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সমান্তৰালকৈ কাৰ্যালয়টো লণ্ডভণ্ড কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, আজি উপ-ডাকঘৰটোৰ ডাকোৱালগৰাকীয়ে কাৰ্যালয় খোলাৰ পিছতে এই দৃশ্য প্ৰত্যক্ষ কৰে আৰু আঠানী আৰক্ষীক অৱগত কৰাৰ পিছত লগে লগে আৰক্ষীৰ এটা দলে আহি জুই নিৰ্বাপণ কৰে। দুৰ্বৃত্তৰ দলটোৱে খিৰিকী ভাঙি কাৰ্যালয়টোত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে উপ-ডাকঘৰটোৰ পৰা আনুমানিক এশ মিটাৰ দূৰত্বত আছে আঠানী আৰক্ষী চকীখন।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৩০ ডিচেম্বৰ