নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ অক্টোবৰলৈ মেট্রিকৰ প্র–পত্র পূৰণৰ দিন ধার্য, বিদ্যালয় শিক্ষাৰ জাননী

২ লাখৰ তলৰ উপার্জনৰ পৰিয়ালৰ শিক্ষার্থীয়ে দিব নালাগে মাচুল

আগন্তুক মেট্রিক পৰীক্ষাৰ প্র–পত্র পূৰণৰ দিন আৰম্ভ হৈছে৷ অহা ৪ অক্টোবৰলৈ মেট্রিক পৰীক্ষার্থীসকলৰ প্র–পত্র পূৰণৰ দিন ধার্য কৰা হৈছে৷ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে এখন জাননীৰ জৰিয়তে প্রকাশ কৰা অনুসৰি অহা ১০ অক্টোবৰলৈ পৰীক্ষার্থীসকলে অনলাইন মাধ্যমেৰে তেওঁলোকৰ মাচুল আদায় দিব পাৰিব৷

এছবিআই বেংকত চালান আদায় দিয়াৰ অন্তিম তাৰিখ হৈছে ১৫ অক্টোবৰ৷ ২০ অক্টোবৰলৈকে অনলাইনৰ মাধ্যমেৰে সংশ্লিষ্ট তালিকাৰ শুধৰণি কৰিব পাৰিব৷ নৱম শ্রেণীত ব্যৱহাৰ কৰা ইউজাৰ আইডি আৰু পাছৱর্ড ব্যৱহাৰৰ জৰিয়তে প্রার্থীসকলে মেট্রিক পৰীক্ষাৰ বাবে প্র–পত্র পূৰণ কৰিব পাৰিব৷ যদিহে ইউজাৰ আইডি আৰু পাছৱর্ড হেৰুৱাইছে তেনেহ’লে ব’ডৰ আঞ্চলিক কার্যালয়ৰ সদস্য সচিবৰ সৈতে যোগাযোগ কৰিব পাৰিব৷ পর্টেলৰ জৰিয়তে লাভ কৰা এছবিআইৰ চালান অথবা অনলাইন মাধ্যমৰ জৰিয়তে মাচুল আদায় দিব পাৰিব৷

আনহাতে, শিক্ষার্থীসকলৰ প্রথম গোট পৰীক্ষাৰ নম্বৰ সংশ্লিষ্ট পর্টেলত উপলব্ধ থাকিলেহে প্র–পত্র পূৰণৰ বাবে পর্টেলত নাম উল্লেখ থাকিব৷ প্র–পত্র পূৰণৰ সময়তে বিদ্যালয়ে প্রতিগৰাকী শিক্ষার্থীৰ বেংক একাউণ্টৰ সবিশেষ তথ্য প্রদান কৰিব লাগিব বুলিও জাননীখনত উল্লেখ কৰা হৈছে৷ ইফালে, ২০২৬ চনৰ মেট্রিক পৰীক্ষাত অৱতীর্ণ হোৱা প্রার্থীসকলৰ বিপৰীতে ১,২০০ টকা মাচুল ধার্য কৰা হৈছে৷ ইয়াৰে ৮০০ টকা পৰীক্ষা মাচুল, ৫০ টকা ব্যৱহাৰিক পৰীক্ষাৰ মাচুল আৰু ৩৫০ টকা কেন্দ্র মাচুল৷

অৱশ্যে ২০২৩ আৰু ২০২৪ বর্ষত নৱম শ্রেণীত পঞ্জীয়নভুক্ত হোৱা তথা চৰকাৰী, প্রাদেশীকৃত আৰু স্বীকৃতিপ্রাপ্ত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ দুই লাখ টকালৈকে বছৰেকীয়া উপার্জন কৰা পৰিয়ালসমূহৰ শিক্ষার্থীসকলে এই মাচুল আদায় দিব নালাগে৷ তদুপৰি প্রতিগৰাকী প্রার্থীৰ বিপৰীতে ৩৫০ টকাৰ কেন্দ্র মাচুল ব’র্ডে মুকলি কৰি দিব৷ জাননীখনত উল্লেখ কৰা অনুসৰি আন বিদ্যালয়ত পঢ়ি থকা অথচ চৰকাৰী বিদ্যালয়ৰ জৰিয়তে নাম পঞ্জীয়ন কৰা শিক্ষার্থীসকলে মাচুল ৰেহাইৰ সুবিধা অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ পৰিয়ালৰ হ’লেও লাভ নকৰিব৷ যদিহে তেনে শিক্ষার্থীক মাচুল ৰেহাই দিয়া হয় আৰু পৰৱর্তী সময়ত সেই তথ্য পোহৰলৈ আহে, তেনেহ’লে সেই শিক্ষার্থীসকলৰ ফলাফল স্থগিত ৰখা হ’ব আৰু সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা হ’ব৷ মাচুল অনাদায়ৰ বাবে সংশ্লিষ্ট শিক্ষার্থীৰ অভিভাৱক তথা পিতৃ–মাতৃয়ে বিদ্যালয়প্রধানৰ ওচৰত আবেদন দাখিল কৰিব লাগিব৷ বিদ্যালয়সমূহৰ মুৰব্বীসকলে মাচুল ৰেহাইৰ বাবে অভিভাৱক তথা শিক্ষার্থীসকলে দাখিল কৰা আবেদনসমূহৰ সত্যাসত্য পৰীক্ষা কৰিব লাগিব৷

আনহাতে, নৱম শ্রেণীত নামভর্তিৰ সময়ত ৰোপণ কৰা গছৰ বর্তমানৰ স্থিতিৰ এখন ফটোগ্রাফো আবেদনকাৰীসকলে দাখিল কৰিব লাগিব৷ নৱম শ্রেণীত পঞ্জীয়ন কৰা বিদ্যালয়তহে শিক্ষার্থীসকলে মেট্রিক পৰীক্ষাৰ বাবে প্র–পত্র পূৰণ কৰিব পাৰিব৷ পঞ্জীয়ন স্থানান্তৰ নকৰিলে কোনো পৰীক্ষার্থীয়ে আন এখন শিক্ষানুষ্ঠানৰ পৰা প্রপত্র পূৰণ কৰিব নোৱাৰিব৷ আগন্তুক মেট্রিক পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষা আৰু আন্তঃমূল্যায়নৰ নম্বৰসমূহ আপলোড কৰাৰ বাবে যাৱতীয় নির্দেশনা পৰৱর্তী সময়ত প্রদান কৰা হ’ব৷ মেট্রিক পৰীক্ষার্থীৰ প্র–পত্র পূৰণৰ পর্টেল আজিৰে পৰা মুকলি কৰা হৈছে৷ প্রতিখন শিক্ষানুষ্ঠানে তেওঁলোকৰ স্বীকৃতিৰ পুনৰ নৱীকৰণৰ বাবে এহেজাৰ টকা মাচুল আদায় দিব লাগিব৷ অৱশ্যে এই মাচুল শিক্ষানুষ্ঠানসমূহে শিক্ষার্থীসকলৰ পৰা আদায় কৰিব নোৱাৰিব৷

Niyomiya Barta desk, 2 September

You might also like