খিলঞ্জীয়াৰ অগ্নিপৰীক্ষা
খিলঞ্জীয়াৰ জীৱন–জীৱিকালৈ ভয়ংকৰ ভাবুকি নমাই অনা মিঞাৰ বিৰুদ্ধে চলি থকা বেদখল উচ্ছেদ অভিযান বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে প্রভাৱশালী চক্র৷ ড০ হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱাৰ লগে লগে ৰাজ্যখনৰ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল আৰু জলাশয় বেদখল কৰি জনগাঁথনিৰ ব্যাপক পৰিৱর্তনৰ জৰিয়তে খিলঞ্জীয়া লোকসকললৈ ভয়ংকৰ বিপদ নমাই অনা মিঞাৰ বিৰুদ্ধে অভিযান চলিছে৷ বিগত চাৰি বছৰত ৰাজ্য চৰকাৰখনে চলোৱা অভিযানত ১ লাখ ৩০ হাজাৰৰো অধিক বিঘা ভূমি উদ্ধাৰ কৰা হৈছে৷ মিঞাৰ অবৈধ দখলৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ লগতে সদৌ অসম ছাত্র সন্থাকে ধৰি জাতীয় দল–সংগঠনসমূহে আদৰণি জনাইছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, এআইইউডিএফ আৰু ধর্মীয় সংখ্যালঘু সংগঠনসমূহে বিৰোধিতা কৰিছে৷ অসমত চলি থকা ধাৰাবাহিক উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি মুখ্যমন্ত্রী ড০ শর্মাক অপসাৰণ আৰু গ্রেপ্তাৰৰ দাবী জনাইছে জমিয়ত উলেমা–ই–হিন্দে৷ উত্তৰ প্রদেশত মুখ্য কার্যালয়ৰ পৰাই জমিয়ত উলেমাৰ মেহমুদ মাদানী আৰু আৰ্শ্বাদ মাদানীৰ দুয়োটা গোট মুখ্যমন্ত্রী ড০ শর্মাৰ বিৰুদ্ধে সৰৱ হৈছে৷ মেহমুদ মাদানী আৰু আৰ্শ্বাদ মাদানীয়ে এই কথাও দাবী কৰিছে যে অসমৰ শেহতীয়া উচ্ছেদ অভিযানত ৫০ হাজাৰৰো অধিক ধর্মীয় সংখ্যালঘু লোক গৃহহাৰা হৈছে৷ কিন্তু শেহতীয়া উচ্ছেদ অভিযানত এই কথাও স্পষ্ট হৈছে যে ৰাজ্যখনৰ চৰকাৰী আৰু সংৰক্ষিত ভূমি বেদখলৰ অন্তৰালত এক দীর্ঘম্যাদী পৰিকল্পনা নিহিত হৈ আছে৷ উচ্ছেদিত মিঞা লোকসকল খহনীয়াত ঘৰ–বাৰী হেৰুওৱা লোক বুলি জমিয়ত উলেমা, এবিএমছু, আমছু আদিয়ে দাবী কৰি আহিছে৷ কিন্তু গোলাঘাটৰ নাগালেণ্ড সীমান্তৱর্তী উৰিয়ামঘাটত শ শ বিঘা বনাঞ্চলৰ ভূমি বেদখল কৰা লোকসকল উজনি অসমৰ বাসিন্দা নাছিল৷ উৰিয়ামঘাটৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীসকল আছিল নগাঁও আৰু মৰিগাঁও জিলাৰ বাংলাদেশী মূলৰ লোকসকলে বসবাস কৰা অঞ্চলৰ পৰা যোৱা লোক৷ ৰাজ্য চৰকাৰৰ উচ্ছেদৰ জাননী পোৱা মাত্রকে অধিকাংশ লোকে ঘৰ–বাৰী এৰি নগাঁও আৰু মৰিগাঁও জিলাৰ ধিং, মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও আদি অঞ্চললৈ ঘূৰি আহিছে৷
মিঞা লোকসকলে ৰাজ্যখনত সংৰক্ষিত ভূমিত বেদখল চলাই খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু জীৱিকাৰ প্রতি ভাবুকি সৃষ্টি কৰাৰ এক দীঘলীয়া ধাৰা অব্যাহত আছে৷ মাথোঁ উৰিয়ামঘাটতে নহয়, গৰুখুঁটি প্রকল্পত প্রথমবাৰৰ বাবে চলোৱা উচ্ছেদ অভিযানৰ সময়তো একেখন ছবি স্পষ্ট হৈছিল৷ কামৰূপ জিলাৰ গৰৈমাৰী, নগৰবেৰা, সোণতলী, বৰপেটা জিলাৰ চেঙা, মন্দিয়া আদি অঞ্চলৰ পৰা মিঞা লোকসকলে নিজৰ ভেটি থকা সত্ত্বেও গৰুখুঁটি প্রকল্পৰ ভূমিত বেদখল চলাই গৈছিল৷ একোজন লোকে ৫–১০ বিঘা পর্যন্ত সংৰক্ষিত ভূমি কুক্ষিগত কৰিছিল৷ অনুৰূপ ছবিখন দেখা গৈছিল গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চলৰ বেদখল উচ্ছেদ অভিযানত৷ পাইকান বনাঞ্চলত বেদখলকাৰীসকলৰ অধিকাংশই আছিল বৰপেটা জিলাৰ৷ যদিহে খহনীয়াৰ বাবে ঘৰ–বাৰী হেৰুৱালেহেঁতেন তেন্তে নিকটৱর্তী অঞ্চলত সেই লোকসকলে বাস কৰিলেহেঁতেন৷ কিন্তু খহনীয়াত আক্রান্ত হোৱাৰ দোহাই দি ৰাজ্যখনৰ চৌদিশৰ সংৰক্ষিত ভূমি বেদখলৰ জৰিয়তে যি লেণ্ড জেহাদ চলিছে সেয়া বন্ধ হ’বই লাগিব৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ স্বার্থতে মিঞাৰ এনে লেণ্ড জেহাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অব্যাহত থাকিব লাগিব৷ বাংলাদেশৰ পৰা অবাধ হাৰত চলি থকা অনুপ্রৱেশৰ বাবে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলে কিদৰে গভীৰ দুর্যোগৰ সন্মুখীন হৈছে সেয়া চৰকাৰী তথ্যতে স্পষ্ট হৈছে৷ ১৯০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যতে জনগাঁথনি পৰিৱর্তনৰ ভয়াৱহ ছবিখন উন্মোচিত হৈছে৷ ১৯০১ৰ লোকপিয়লত অসমৰ মুঠ জনসংখ্যাৰ ৯০.০২ শতাংশ হিন্দু লোক আছিল৷ ইয়াৰ বিপৰীতে অসমত মুছলমান জনসংখ্যা আছিল ৯.৫০ শতাংশ৷ ২০১১ৰ লোকপিয়লত অসমত হিন্দু জনসংখ্যা ৬১.৪৬ শতাংশলৈ হ্রাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা ৩৪.২২ শতাংশলৈ বৃদ্ধি হৈছে৷ অসমত হিন্দু জনসংখ্যা হ্রাস আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ অন্তৰালত আছে বাংলাদেশৰ অনুপ্রৱেশৰ সমস্যা৷ অসমত মিঞাৰ আগ্রাসনক লৈ খিলঞ্জীয়া লোকসকলৰ মাজত সৃষ্টি হোৱা শংকা দিনকদিনে আৰু অধিক গভীৰ হৈছে৷ ২০০০ চনত প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ মন্ত্রীৰ আসনত আছিল বিতর্কিত আইএমডিটি আইনৰ প্রণেতা তথা বিশিষ্ট আইনজীৱী আব্দুল মুহিম মজুমদাৰ৷ এখন আঞ্চলিকতাবাদী চৰকাৰৰ মন্ত্রী হৈও মজুমদাৰে এই কথা স্পষ্টভাৱে কৈছিল যে অসমত যিহেতু মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ অধিক, সেয়ে ভৱিষ্যতে অসম মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হ’লে এক স্বাভাৱিক প্রক্রিয়া বুলি মানি ল’ব লাগিব৷ ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে মানৱতাৰ বাণী আওৰাই দিল্লীৰ পৰা অহা ছায়েদা হামিদেও বাংলাদেশীৰ পক্ষত মুকলিকৈ অৱস্থান কৰাই নহয়, অসম আন্দোলন আৰু খিলঞ্জীয়াৰ আৱেগক উপহাস কৰি গৈছে৷ দুর্ভাগ্যজনক এয়ে যে ছায়েদা হামিদৰ দৰে দেশদ্রোহী আৰু অসমৰ খিলঞ্জীয়াবিৰোধী নেত্রীগৰাকীক ড০ হীৰেন গোহাঁই আৰু সাংসদ অজিত ভূঞাৰ দৰে লোকৰ উদ্যোগতে সভা অনুষ্ঠিত কৰি এনে খিলঞ্জীয়াবিৰোধী বক্তব্য ৰখাৰ সুযোগ দিয়া হৈছে৷ খিলঞ্জীয়াৰ বিৰুদ্ধে চলা এই যুঁজখন বন্ধ হ’বই লাগিব৷ সাম্প্রতিক বেদখল উচ্ছেদ অভিযান অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে এক অগ্ণিপৰীক্ষা৷ ছবছৰীয়া অসম আন্দোলন, ৮৬০গৰাকী শ্বহীদৰ ত্যাগৰ ফলত স্বাক্ষৰিত অসম চুক্তিয়ে বিগত চাৰি দশকত যিটো কাম কৰিব নোৱাৰিলে সেয়া আৰম্ভ হৈছে মুখ্যমন্ত্রী ড০ শর্মাৰ বলিষ্ঠ নেতৃত্বত৷ এই মুহূর্তত এই যুঁজখন স্তব্ধ হোৱা মানেই খিলঞ্জীয়া লোকসকলৰ বিপদ অৱশ্যম্ভাৱী৷ এইক্ষেত্রত ৰাজ্যখনত জাতীয় অনুষ্ঠান, দল–সংগঠনসমূহে আগবাঢ়ি অহা উচিত৷