নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানী নসৰকা চার্জশ্বীটৰ প্রস্তুতি SIT-ৰ :  একাউণ্টৰ সলনি নগদ ধনহে লৈছিল সিদ্ধার্থ শর্মাই

ছিংগাপুৰ পুলিচ ফ’চ, চমুকৈ এছপিএফে প্রেৰণ কৰা তিনিখন প্রতিবেদনে তদন্ত প্রক্রিয়াক অধিক গতিশীল কৰি তুলিছে৷ এই প্রতিবেদনকেইখনৰ ভিতৰত অন্যতম হৈছে ট’ক্সিক’লজী পৰীক্ষাৰ প্রতিবেদন

ৰহস্যজনক মৃত্যুক আঁকোৱালি লোৱা অসমীয়াৰ আৱেগ জুবিন গার্গক ন্যায় প্রদানক লৈ ৰাজ্যৰ অগণিত অনুৰাগীয়ে অধীৰ উৎকণ্ঠাৰে অপেক্ষা কৰি থকাৰ সময়তে তদন্ত তীব্রতৰ কৰি তুলিছে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট এছআইটিয়ে৷

অসম আৰক্ষীৰ এছআইটিৰ ওপৰত আস্থা প্রকাশ কৰা অনুৰাগীৰ উৎকণ্ঠাৰ প্রতি লক্ষ্য ৰাখি এছআইটিৰ বিষয়ববীয়াই দিনে–নিশাই অব্যাহত ৰাখিছে তদন্ত৷ মৃত্যুৰ ৰহস্যৰ লগতে কি পৰিস্থিতিত শিল্পীগৰাকীয়ে অনাকাংক্ষিত ষড়যন্ত্রৰ বলি হ’বলগীয়া হ’ল, তাক লৈ এছআইটিয়ে বিভিন্ন দিশ চালিজাৰি চাইছে৷

শিল্পীগৰাকীৰ সৈতে নিকট সম্পর্ক থকা লোকৰ বাহিৰেও বহুসংখ্যক বিহু সমিতিৰ বিষয়ববীয়াকো এছআইটিয়ে তলব কৰিছে৷ অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰা মতে, প্রকৃততে কি পৰিস্থিতিৰ সন্মুখীন হৈ সুদূৰ ছিংগাপুৰত প্রাণৰ শিল্পী জুবিন গার্গে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, এই সকলো তথ্য ইতিমধ্যে লাভ কৰা হৈছে৷ তদন্তৰ খাতিৰত অধিক তথ্য প্রকাশৰ পৰা বিৰত থাকিলেও সূত্রটোৱে সদৰী কৰা মতে, বর্তমানলৈকে এশজনৰো অধিক লোকক জেৰা চলোৱা হৈছে৷

শিল্পীগৰাকীৰ সৈতে জড়িত কেইবাজনো নিকট ব্যক্তিৰ ভাষ্যও এছআইটিয়ে গ্রহণ কৰিছে৷ অকল সেয়াই নহয়, ৰাজ্যৰ বিভিন্ন প্রান্তৰ বহুসংখ্যক বিহু সমিতিৰ বিষয়ববীয়াৰ পৰাও এছআইটিয়ে ভাষ্য সংগ্রহ কৰিছিল৷ এই সকলো তদন্ত অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ ছিংগাপুৰ পুলিচ ফ’চ, চমুকৈ এছপিএফে প্রেৰণ কৰা তিনিখন প্রতিবেদনে তদন্ত প্রক্রিয়াক অধিক গতিশীল কৰি তুলিছে৷ এই প্রতিবেদনকেইখনৰ ভিতৰত অন্যতম হৈছে ট’ক্সিক’লজী পৰীক্ষাৰ প্রতিবেদন৷

শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে দেহৰ পৰা সংগ্রহ কৰা তেজৰ নমুনা পৰীক্ষাৰ অন্তত এই প্রতিবেদন যুগুত কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, ফৰেনছিক বিজ্ঞানৰ অন্যতম গুৰুত্বপূর্ণ অংশ হৈছে ট’ক্সিক’লজী অর্থাৎ বিষক্রিয়া বিজ্ঞান৷

যিকোনো ৰহস্যজনক মৃত্যুৰ ক্ষেত্রত যদিহে মৃত্যুৰ কাৰণ স্পষ্ট নহয়, তেতিয়া ট’ক্সিক’লজী পৰীক্ষা আৰক্ষীয়ে সম্পন্ন কৰে৷ এই পৰীক্ষাৰ জৰিয়তে মৃত্যুৰ পূর্বে লোকজনক বিহপান কৰোৱা হৈছিল নেকি অথবা কেনেধৰণৰ দৰব সেৱন কৰাৰ পাছত ব্যক্তিজনৰ দেহত বিষক্রিয়াজনিত প্রতিক্রিয়া সৃষ্টি হৈছিল সেয়া নিৰূপণ কৰা হয়৷

জুবিন গার্গৰ ট’ক্সিক’লজী পৰীক্ষাৰ প্রতিবেদন ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে৷ পুংখানুপুংখভাৱে উক্ত প্রতিবেদন পৰীক্ষা কৰাৰ অন্তত এটা নিশ্চিত সিদ্ধান্তত এছআইটিৰ বিষয়ববীয়াসকল উপনীত হৈছে৷ এই সকলো বিষয় অভিযোগনামাখনত সন্নিৱিষ্ট কৰা হ’ব৷ মুঠৰ ওপৰত জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত কোনোধৰণৰ তথ্যক অৱজ্ঞা নকৰাকৈ দিনে–নিশাই এছআইটি সম্প্রতি অভিযোগনামা প্রস্তুতিত জড়িত হৈছে৷

এই প্রতিবেদনসমূহৰ বাদেও শেহতীয়াকৈ আন এটা দিশৰ ওপৰতো এছআইটিয়ে গুৰুত্ব আৰোপ কৰিছে৷ জীৱিত সময়ছোৱাত শিল্পীগৰাকীয়ে প্রায়েই তেওঁৰ শাৰীৰিক অৱস্থাকো অৱজ্ঞা কৰি এদিনত দুটাকৈ বৃহৎ অনুষ্ঠান পৰিৱেশন কৰিবলৈ বাধ্য কৰোৱাৰ কথা উল্লেখ কৰিছিল৷ শাৰীৰিক দুৰৱস্থা সত্ত্বেও শিল্পীগৰাকীৰ সৈতে জড়িত হৈ থকা আন মানুহখিনিৰ জীৱিকাৰ প্রতি লক্ষ্য ৰাখি অনিচ্ছা সত্ত্বেও তেওঁ অনুষ্ঠানসমূহ পৰিৱেশন কৰাৰ কথা নিজ মুখে এসময়ত কৈ গৈছে৷

এছআইটিয়ে শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এনেবোৰ তথ্যকো তদন্তৰ আওতালৈ আনিছে৷ শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৭খনতকৈও অধিক বিহু সমিতিৰ বিষয়ববীয়াক চিআইডিৰ উলুবাৰীৰ কার্যালয়লৈ তলব কৰিছে এছআইটিয়ে৷ তদন্তকাৰী বিষয়াই উক্ত সমতিসমূহৰ বিষয়ববীয়াসকলৰ পৰা আর্থিক লেনদেনৰ বিভিন্ন তথ্য সংগ্রহ কৰিছে৷

তদন্ত অব্যাহত ৰাখি বিজয়নগৰৰ আংছা সাংস্কৃতিক গোষ্ঠীৰ বিষয়ববীয়াসকলৰ ভাষ্য এছআইটিয়ে গ্রহণ কৰে৷ উল্লেখ্য যে বিগত বর্ষৰ ১৫ জুনত বিজয়নগৰৰ উপৰহালিত অনুষ্ঠিত এক সাংস্কৃতিক সন্ধিয়াত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্রণ জনোৱা হৈছিল জুবিন গার্গক৷ গোষ্ঠীটোৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়া মতে, শিল্পীগৰাকীক আমন্ত্রণৰ বাবে তেওঁলোকে মেনেজাৰ সিদ্ধার্থ শর্মাৰ সৈতে বিগত বর্ষৰ ২৮ এপ্রিলত যোগাযোগ কৰিছিল৷ ৫০ হাজাৰ টকা নগদ ধন আগধন হিচাপে আদায় দি অনুষ্ঠানটোৰ বাবে শিল্পীগৰাকীক বুক কৰিছিল সমিতিখনে৷ প্রথম অৱস্থাত ১০ লাখ ৫০ হাজাৰ টকা সিদ্ধার্থ শর্মাই অনুষ্ঠান পৰিৱেশনৰ বাবদ সমিতিখনৰ পৰা দাবী কৰিছিল যদিও পৰৱর্তী পর্যায়ত ৫০ হাজাৰ টকা কমাই ১০ লাখ টকাত জুবিন গার্গৰ অনুষ্ঠানটোৰ বাবে সমিতিৰ বিষয়ববীয়াৰ সৈতে চুক্তিবদ্ধ হৈছিল৷  উক্ত চুক্তিৰ বিভিন্ন নথি–পত্র সমিতিয়ে এছআইটিৰ বিষয়ববীয়াসকলৰ হাতত দাখিল কৰে৷

এইখিনিতে আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ সমিতিখনৰ বিষয়ববীয়াসকলে সদৰী কৰা মতে, জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাই একাউণ্টযোগে ধনৰ লেনদেন হোৱাটো বিচৰা নাছিল৷ সমিতিয়ে একাউণ্টত ধন আদায় দিব বিচাৰিছিল যদিও বাৰম্বাৰ মেনেজাৰ সিদ্ধার্থ শর্মাই নগদ ধন আদায় দিয়াৰ বাবেহে তেওঁলোকক হেঁচা দিছিল৷ সেইমর্মে কৃষাণু দাস নামৰ সিদ্ধার্থৰ মেনেজাৰজনৰ হাতত সমিতিয়ে বাকী থকা ৯.৫০ লাখ টকা নগদ ধন আদায় দিছিল৷ প্রথম অৱস্থাত সমিতিয়ে এই কথাক সাধাৰণভাৱে লৈছিল যদিও শিল্পীগৰাকীৰ মৃত্যুৰ পাছত সিদ্ধার্থ শর্মাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ উঠাৰ পাছত এতিয়া উক্ত লেনদেনৰ বিষয়টোকো সন্দেহজনক হিচাপে লৈছে সমিতিয়ে৷

তেওঁলোকৰ মতে, ১০ লাখ টকাত অনুষ্ঠানৰ বাবে চুক্তি হোৱা বিষয়টো শিল্পীগৰাকীয়ে গম পাইছিল নে নাই, সেয়াও আমাৰ সন্দেহ আছে৷ এনেদৰেই বিভিন্ন বিহু সমিতিৰ পৰা বেংক একাউণ্টৰ সলনি নগদ ধন সংগ্রহ কৰা সিদ্ধার্থ শর্মাই উক্ত ধনৰ কিমান অংশ জুবিন গার্গক আদায় দিছিল সেই বিষয়টোও এছআইটিয়ে তদন্তৰ আওতালৈ আনিছে৷

সূত্রটোৱে জানিবলৈ দিয়া মতে, অহা ১০ ডিচেম্বৰৰ পূর্বেই বিস্তৃত প্রতিবেদনসহ অভিযোগনামা আদালতত দাখিল কৰাৰ বাবে অহর্নিশে চেষ্টা অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াসকলে৷ ছিংগাপুৰ আৰক্ষীৰ প্রতিবেদনৰ পৰা আৰম্ভ কৰি বিভিন্নজনৰ ভাষ্য তথা বিত্তীয় লেনদেনৰ বিষয়সমূহো অভিযোগনামাত বিস্তৃতভাৱে সন্নিৱিষ্ট কৰা হ’ব৷ অপেক্ষা মাথোঁ ১০ ডিচেম্বৰলৈ৷ অসমৰ ৰাইজে আশা কৰা মতেই এখন শক্তিশালী অভিযোগনামা এছআইটিয়ে দাখিল কৰিব বুলি আশা প্রকাশ কৰিছে অসম আৰক্ষীৰ উচ্চস্তৰীয় সূত্রটোৱে৷

ডিজিটেল ডেস্ক, ৩ নৱেম্বৰ

You might also like