নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান এক্সপ্রেছৰ বিৰুদ্ধে ড০ হিমন্ত বিশ্ব শর্মাৰ আইনী জাননী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ এপ্ৰিলঃ বিভ্রান্তিকৰ আৰু মানহানিকৰ বাতৰি প্রকাশ কৰাৰ বাবে আগশাৰীৰ সংবাদ গোষ্ঠী ইণ্ডিয়ান এক্সপ্রেছলৈ আইনী জাননী প্রেৰণ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ যোৱা ২ আৰু ৩ এপ্রিলত প্রকাশিত এটা বাতৰি সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে অধিবক্তাৰ জৰিয়তে সংবাদ গোষ্ঠীটোলৈ এই আইনী জাননী প্রেৰণ কৰিছে৷ এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্রীগৰাকীয়ে এই তথ্য সদৰী কৰিছে৷ সামাজিক মাধ্যমটোত তেওঁ প্রকাশ কৰা আইনী জাননী অনুসৰি অসত্য, অসম্পূর্ণ তথ্যৰ ভিত্তিত ইণ্ডিয়ান এক্সপ্রেছে বাতৰি প্রকাশ কৰিছে৷ প্রকাশিত বাতৰিটো মিছা, ভিত্তিহীন আৰু মনেসজা তথ্যৰ ভিত্তিত সংবাদ গোষ্ঠীটোৱে প্রকাশ কৰি মুখ্যমন্ত্রীগৰাকীৰ সন্মান হানি কৰা বুলি আইনী জাননীখনত উল্লেখ কৰা হৈছে৷ কেৱল সমাজত মানহানি কৰায়েই নহয়, প্রকাশিত বাতৰিটোৱে মুখ্যমন্ত্রীগৰাকীৰ ৰাজনৈতিক কেৰিয়াৰ আৰু ৰাজনৈতিক জীৱনো প্রভাৱিত কৰিছে বুলি জাননীখনৰ জৰিয়তে অধিবক্তাই সংবাদ গোষ্ঠীটোক অৱগত কৰিছে৷ পৰিয়ালৰ সদস্য, বন্ধু, শুভাকাংক্ষী, অনুগামী, সতীর্থৰ লগতে সামগ্রিকভাৱে সমাজৰ আগত মুখ্যমন্ত্রীগৰাকীক হেয় প্রতিপন্ন কৰাৰ বাবেই তথ্যগত প্রমাণ অবিহনে এই বাতৰি প্রকাশ কৰা হৈছে বুলিও জাননীখনত উল্লেখ কৰিছে অধিবক্তাই৷ প্রকৃত তথ্যসমূহৰ সঠিক পৰীক্ষণ অবিহনে বাতৰি প্রকাশ কৰাৰো অভিযোগ কৰা হৈছে জাননীখনৰ জৰিয়তে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে লুইবার্জাৰ আৰু সাৰদা কেলেংকাৰিত মুখ্যমন্ত্রীগৰাকী জড়িত থকাৰ অভিযোগেৰে ইণ্ডিয়ান এক্সপ্রেছে বাতৰি প্রকাশ কৰিছিল৷ ইণ্ডিয়ান এক্সপ্রেছে বাতৰিটোত উল্লেখ কৰিছিল যে কংগ্রেছৰ পৰা বিজেপিত যোগদান কৰাৰ পিছত মুখ্যমন্ত্রী ড০ শর্মাৰ বিৰুদ্ধে উত্থাপিত দুর্নীতিৰ অভিযোগসমূহৰ তদন্ত স্তব্ধ হৈ পৰিছিল৷ জাননীখনত উল্লেখ কৰা অনুসৰি সাৰদা চিট ফাণ্ড কেলেংকাৰি গোচৰত চিবিআয়ে ২০১৫ চনৰ এপ্রিলত কলকাতাৰ এখন আদালতত ছার্জশ্বিট দাখিল কৰিছিল৷ ছার্জশ্বিটত ড০ শর্মাৰ নাম সাক্ষী হিচাপেহে অন্তর্ভুক্ত কৰিছিল৷ গোচৰটোৰ তদন্তৰ সময়ত সাক্ষী হিচাপে তেওঁৰ জবানবন্দী গ্রহণ কৰা হৈছিল৷ চিবিআয়ে কেতিয়াও মুখ্যমন্ত্রীগৰাকীক অভিযুক্ত হিচাপে গণ্য কৰা নাছিল আৰু কোনো ধৰণৰ অভিযোগো উত্থাপন কৰা নাছিল৷ আনহাতে লুইবার্জাৰ গোচৰত মুখ্যমন্ত্রীগৰাকীক কোনো তদন্তকাৰী সংস্থাই কেতিয়াও অভিযুক্ত হিচাপে গণ্য কৰা নাই অথবা সাক্ষী হিচাপে তথা অন্যান্যভাৱে মতা নাই বুলি উল্লেখ কৰা হৈছে৷ একে সময়তে ৰাজনৈতিক মতাদর্শৰ পার্থক্যৰ বাবে তেওঁ কংগ্রেছৰ পৰা বিজেপিত যোগদান কৰা বুলিও উল্লেখ কৰা হৈছে৷ এই দল সলনিৰ সৈতে গোচৰসমূহৰ কোনো সম্পর্ক নাই বুলিও আইনী জাননীৰ জৰিয়তে অৱগত কৰা হৈছে৷

You might also like