নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : এটি ৬০ বছৰীয়া সপোন

অসম ক্রিকেট সন্থাৰ জন্ম হৈছিল ১৯৪৮ চনত৷ সেই সময়ৰ পৰা অসমত আনুষ্ঠানিকভাৱে ক্রিকেট খেলৰ আৰম্ভণি ঘটা বুলি ধৰি ল’লেও প্রায় ৭৬ বছৰ পূর্বেই ৰাজ্যখনত ক্রিকেটৰ অনুশীলন আৰম্ভ হৈছিল৷ ১৯৬০ চনত ভাৰতীয় ক্রিকেট ব’র্ডে এই সংস্থাটোলৈ স্বীকৃতি প্রদান কৰিছিল৷ ১৯৪৮–৪৯ চনত অসমে ৰঞ্জি ট্রফীত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ সেই দলটোৰ অধিনায়ক আছিল ৰূপাৰ কেট্টল৷ ১৯৪৯–৫০ চনত যোৰহাট ষ্টেডিয়ামত অসমত প্রথমখন ৰঞ্জি মেচ অনুষ্ঠিত হৈছিল৷ ইয়াৰ পূর্বেই ১৯৪৭ চনৰ ৩০ নৱেম্বৰত অসম ক্রিকেট সন্থা গঠনৰ বাবে গোপীনাথ বৰদলৈৰ আহ্বানক্রমে এখন বৈঠক অনুষ্ঠিত হৈছিল৷ কটন কলেজিয়েট স্কুলৰ আৱাসত অসম ক্রিকেট সন্থা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই বৈঠকত গুৱাহাটী, যোৰহাট, শিলচৰ, নগাঁও, দৰং, শ্বিলং আৰু এনএফ ৰে’লৱেৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিছিল৷ জয়কান্ত বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকতে অসম ক্রিকেট সন্থা গঠনৰ সিদ্ধান্ত চূড়ান্ত হৈছিল৷ সর্বসন্মতিক্রমে লোকপ্রিয় গোপীনাথ বৰদলৈক সভাপতি, অসমৰ ৰাজ্যপাল আকবৰ হায়দৰীক মুখ্য পৃষ্ঠপোষক, ড০ কনক চন্দ্র বৰুৱা, নুৰুল আমিনক উপ–সভাপতি, পুলিন দাসক সম্পাদক, আন্নাৰাম বৰুৱাক কোষাধ্যক্ষ, সুৰঞ্জন চক্রৱর্তীক সহকাৰী সম্পাদকৰূপে লৈ ‘অসম ক্রিকেট সন্থা’ গঠন কৰা হৈছিল৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ অধীনত ১৯৩৩ চনৰ পৰা আৰম্ভ হোৱা দেশৰ সর্বোচ্চ ঘৰুৱা ক্রিকেট ৰঞ্জি ট্রফীত অসমে প্রথমখন মেচ খেলিছিল ১৯৪৮ চনৰ ১৭, ১৮ আৰু ১৯ ডিচেম্বৰত৷ শ্বিলঙৰ গেৰিচন গ্রাউণ্ডত অসমে প্রথমখন ৰঞ্জি মেচ খেলাৰ গৌৰৱ অর্জন কৰিছিল৷ মেচখনত অসমে খেলিছিল ইউনাইটেড প্রভিন্সৰ বিপক্ষে৷ ১৯৫০ চনমানৰ পৰা অসম ক্রিকেট সন্থাই ৰাজ্যৰ ক্রিকেটৰ উন্নয়নৰ বাবে অধিক তৎপৰ হৈ পৰে৷ ২০০৯–১০ চনত অসমে প্রথমবাৰৰ বাবে ৰঞ্জি ট্রফীৰ কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰে৷ ২০১৫–১৬ চনত অসমে প্রতিযোগিতাখনৰ ছেমিফাইনেললৈ উন্নীত হয়৷ বিগত সময়ছোৱাত অসমত বহু প্রতিভাৱান ক্রিকেটাৰৰ জন্ম হৈছে৷ ইয়াৰ ভিতৰত মুন্না কাকতি, অনুপ ঘটক, ৰাজেশ বৰা, সুভ্রজিৎ শইকীয়া, জাকাৰিয়া জুফ্রি, জাহিৰ আলম, হেমাংগ বৰুৱা, গৌতম দত্ত, অর্নেল কোঁৱৰ, পৰাগ দাস, আবু নেচিম আহমেদ আদি উল্লেখযোগ্য৷

ইয়াৰ মাজতে ভাৰতীয় ক্রিকেট দলৰ টেষ্ট খেলুৱৈ লালচান্দ ৰাজপুত, চন্দ্রকান্ত পণ্ডিত, সদাগোপ্পান ৰমেশ আৰু সৈৰাজ বহুতূলেৰ দৰে ক্রিকেটাৰেও অসম ৰঞ্জি দলক প্রতিনিধিত্ব কৰিছে৷ বহুকেইগৰাকী অসমৰ প্রতিভাৱান ক্রিকেটাৰে ভাৰতীয় দলত স্থান লাভৰ আশা সজীৱ কৰি তুলিছিল যদিও এই পর্যন্ত সেয়া সম্ভৱ নহ’ল৷ কেইবছৰমান পূর্বে দ্রুতবেগী বলাৰ আবু নেচিমে অন্তিমবাৰ ৰাষ্ট্রীয় দলত অসমক প্রতিনিধিত্ব কৰাৰ সম্ভাৱনা সৃষ্টি কৰিছিল৷ খেলুৱৈগৰাকীয়ে আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ হৈ একাধিক ছিজনত খেলাৰো সুযোগ পাইছিল৷ কিন্তু সেই আশাও নির্বাপিত হ’ল৷ এইবাৰ অসমবাসীৰ সপোন আৰম্ভ হৈছে আন এগৰাকী অসম সন্তান ৰিয়ান পৰাগক কেন্দ্র কৰি৷ চলিত ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল)ৰ প্রথম তিনিখন মেচত দুর্দান্ত প্রদর্শনেৰে তেওঁ ভাৰতীয় দলত স্থান লাভৰ আশা অধিক ত্বৰান্বিত কৰি তুলিছে৷ ভাৰতীয় ক্রিকেটৰ ‘প’ষ্টাৰ বয়’ হিচাপে পৰিগণিত হোৱা ৰিয়ানে ছয় কোবোৱাৰ পিছত অথবা ভাল ৰান সংগ্রহ কৰাৰ পিছত বিহু নাচি দর্শক–অনুৰাগীৰ হৃদয় জয় কৰি আহিছে৷ ইয়াৰ জৰিয়তে বিহুৱে সমগ্র দেশবাসীৰ মাজত বিহু নাচক পুনৰ জনপ্রিয় কৰি তুলিছে৷ সম্প্রতি ৰাজস্থান ৰয়েলছৰ নিয়মীয়া সদস্য ৰিয়ানৰ পিতৃ পৰাগ দাস আছিল এগৰাকী সুদক্ষ ক্রিকেটাৰ৷ দীর্ঘদিন ধৰি তেওঁ অসম ৰঞ্জি দলৰ অ’পেনিং বেটাৰৰ দায়িত্ব পালন কৰিছিল৷ এদিন পৰাগেও ভাৰতীয় দলক প্রতিনিধিত্ব কৰাৰ সপোন দেখিছিল৷ এই আধৰুৱা সপোনক পূর্ণতাপ্রাপ্তিৰ দায়িত্ব যেন কান্ধ পাতি লৈছে তেওঁৰ সু–সন্তান ৰিয়ানে৷ জন্মসূত্রে ৰিয়ানৰ সিৰাই সিৰাই প্রৱাহিত হৈ আছে ক্রীড়াৰ বীজ৷ কাৰণ পিতৃৰ নিচিনাকৈ তেওঁৰ মাতৃ মিঠু বৰুৱাও আছিল এগৰাকী আন্তঃৰাষ্ট্রীয় সাঁতোৰবিদ৷ এসময়ত জলপৰী ৰূপে পৰিচিত মিঠুই অসমৰ ক্রীড়া অনুৰাগীৰ মাজত আশাৰ সঞ্চাৰ কৰিছিল৷ এনে দুগৰাকী আগশাৰীৰ খেলুৱৈ পিতৃ–মাতৃৰ অতি কাষৰ পৰা সান্নিধ্য লাভ কৰা ৰিয়ানে যুৱ বিশ্বকাপত ভাৰতীয় দলক প্রতিনিধিত্ব কৰি বিশ্ব জয়ৰ সমভাগী হোৱাৰ লগে লগে যেন আকৌ সেই পুৰণি সপোনটিয়ে আমনি কৰিছিল ৰাজ্যৰ ক্রিকেট অনুৰাগীক৷ ইতিপূর্বে কেইবাজানো ক্রিকেটাৰে যুৱ ভাৰতীয় দলৰ হৈ খেলি দৃষ্টি আকর্ষণ কৰিছে৷ কিন্তু তেওঁলোক যেন জুনিয়ৰ পর্যায়তে থমকি ৰ’ল৷ এগৰাকী ভাৰতীয় ছিনিয়ৰ দলৰ ক্রিকেটাৰৰূপে আন্তর্জাতিক মেচ খেলাৰ সপোন আজিও আধৰুৱা৷ এইবাৰ ৰিয়ান এইবাবেই ব্যতিক্রম যে তেওঁৰ বেটিং দক্ষতাৰ লগতে বলিং নৈপুণ্য আৰু কঠোৰ পৰিশ্রম কৰিব পৰা গুণ৷ মুস্তাক আলী ক্রিকেটত একেৰাহে সাতটা অর্ধশতৰান কৰি বিশ্ব অভিলেখ গঢ়াৰ পিছত চলিত আইপিএলত তেওঁ এইপর্যন্ত সর্বাধিক ৰান সংগ্রহকাৰীৰ তালিকাৰ শীর্ষস্থানত আছে৷ অসমবাসীৰ ৭৬ বছৰীয়া সপোন পূৰণ কৰিবলৈ ৰিয়ানৰ সন্মুখত হয়তো সময়ৰ অপেক্ষা৷

You might also like