নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেলতলা–হাতীগাঁৱৰ কনঢেইনমেণ্ট জ’ন পৰিদর্শন আৰক্ষী আয়ুক্তৰ

নিয়মীয়া বাৰ্তা ১২ মেঃ গুৱাহাটী মহানগৰীত ক’ভিড পৰিস্থিতি ক্রমাৎ জটিল ৰূপ ধাৰণ কৰাত কামৰূপ মহানগৰ জিলা আৰক্ষী–প্রশাসন উদ্বিগ্ন হৈ পৰিছে৷ মাৰাত্মক ক’ভিড–১৯ৰ গণ সংক্রমণ ৰোধ কৰাৰ বাবে জিলা প্রশাসনে মহানগৰীৰ সকলো দোকান–পোহাৰ বিয়লি দুই বজাৰ ভিতৰত বন্ধ কৰাৰ নির্দেশ দিয়াৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰিছে৷ তদুপৰি সর্বাধিক ক’ৰোনাত আক্রান্ত অঞ্চলসমূহ চিনাক্ত কৰি প্রশাসনে মহানগৰীৰ তিনিটা ৱার্ডৰ কেইবাটাও অঞ্চল কনঢেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷

মহানগৰীৰ ২৮, ১৬ আৰু ৮নং ৱার্ডৰ কেইবাটাও অঞ্চল সামৰি ঘোষণা কৰা কনঢেইনমেণ্ট জ’নত যাতে কোনো লোক বিনা অনুমতিত অহা–যোৱা কৰিব নোৱাৰে তাৰ বাবে প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰি স্থানীয় বাসিন্দাসকলৰ সহযোগিতা কামনা কৰিছে৷ কিন্তু প্রশাসনৰ নির্দেশনাক উলংঘা কৰি কনঢেইনমেণ্ট জ’নত মুকলিকৈ একাংশ লোকে অহা–যোৱা কৰাত কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী৷ এই সন্দর্ভত ‘নিয়মীয়া বার্তা’ত সবিস্তাৰে বাতৰি প্রকাশ হোৱাৰ পাছত আজি মহানগৰ জিলা আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাই মহানগৰীৰ বেলতলা, হাতীগাঁও আৰু বশিষ্ঠকে ধৰি কেইবাটাও অঞ্চলত কনঢেইনমেণ্ট জ’ন পৰিদর্শন কৰি কোনো লোক যাতে বিনা অনুমতিত কনঢেইনমেণ্ট জ’নত অহা–যোৱা কৰিব নোৱাৰে তাৰ বাবে বশিষ্ঠ, হাতীগাঁও আৰু দিছপুৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াক নির্দেশ দিয়ে৷

তদুপৰি নৈশ সান্ধ্য আইন আৰু কনঢেইনমেণ্ট জ’নৰ নির্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ নির্দেশ দিয়ে৷ আনহাতে, নির্দিষ্ট সময়ৰ ভিতৰত দোকান–পোহাৰ বন্ধ নকৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে সদৰী কৰে৷ উল্লেখ্য যে আৰক্ষী আয়ুক্তৰ নির্দেশৰ পাছতেই কনটেইনমেণ্ট জ’নত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ আজি সন্ধিয়া কনঢেইনমেণ্ট জ’নত অভিযান চলাই আৰক্ষীয়ে কেইবাখনো বাহন জব্দ কৰাৰ লগতে ক’ভিড প্রট’কল উলংঘা কৰা সন্দর্ভত কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে

You might also like