নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড বিধি উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

নিয়মীয়া বাৰ্তা ১২ মেঃ ৰাজ্যৰ ভিতৰত গুৱাহাটী মহানগৰীত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা৷ কামৰূপ মহানগৰ জিলাত শেহতীয়াভাৱে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ণ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্রশাসন৷ আজিৰ দিনটোতে গুৱাহাটী মহানগৰীত ১,৫০০ৰো অধিক লোক ক’ৰোনাত আক্রান্ত হয়৷ বিগত সপ্তাহটোত গুৱাহাটী মহানগৰীত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ লগতে ক’ভিডত আক্রান্ত হৈ শতাধিক লোকৰ মৃত্যু হৈছে৷

ক’ভিড সম্পর্কীয় শেহতীয়া পৰিস্থিতি পর্যালোচনা কৰিবলৈ আজি জিলা উপায়ুক্তৰ কার্যালয়ত পৃথকে পৃথকে দুখনকৈ সভা অনুষ্ঠিত হয়৷ উপায়ুক্ত বিশ্বজিৎ পেগুৰ উপস্থিতিত অনুষ্ঠিত এই পর্যালোচনা সভাত ক’ভিড–১৯ নিয়ন্ত্রণৰ বাবে প্রশাসনে গ্রহণ কৰা বিভিন্ন পদক্ষেপ আৰু ইয়াৰ ফলপ্রসূ সম্পর্কে বিশদভাৱে আলোচনা কৰা হয়৷ মহানগৰ জিলাখনত দিনক দিনে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্নতা প্রকাশ কৰি উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিড বিধি কঠোৰভাৱে মানি নচলাৰ বাবেই শেহতীয়াকৈ গুৱাহাটীত ক’ভিডত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱা বুলি মন্তব্য কৰে৷ উপায়ুক্ত পেগুৱে এইক্ষেত্রত জনসাধাৰণক অধিক সতর্ক হৈ থাকি ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনায়৷ লগতে যিসকল লোকে ক’ভিড বিধি উলংঘা কৰে, তেনে লোকৰ বিৰুদ্ধে আইনগত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী–প্রশাসনক নির্দেশ দিয়ে৷

তদুপৰি, উপায়ুক্ত পেগুৱে মহানগৰবাসীক ক’ভিড কেয়াৰ কাউন্সেলিং চেণ্টাৰলৈ গৈ ক’ভিড পৰীক্ষা কৰিবলৈ আহ্বান জনায়৷ যাতে শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিলে লোকসকলে উপযুক্ত সময়ত চিকিৎসা লৈ আৰোগ্য হ’ব পাৰে৷ সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে ক’ভিডত আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা বুলিও মন্তব্য কৰে৷ জিলা প্রশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা ৮, ১৬ আৰু ২৮নং ৱার্ডৰ বাসিন্দাসকলে কণ্টেইনমেণ্ট জ’নৰ নির্দেশাৱলী মানি চলিছে নে নাই তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰক্ষীক আহ্বান জনায়৷

লগতে সেই অঞ্চলত প্রৱেশ আৰু প্রস্থানৰ ক্ষেত্রত থকা নিষেধাজ্ঞা ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী–প্রশাসনক নির্দেশ দিয়ে৷ ইফালে, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ সভাপতিত্বত ক’ভিড টেষ্টিং চেণ্টাৰৰ বিষয়ববীয়াসকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়৷ উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত সম্প্রতি ৬৩টা ক’ভিড কাউন্সেলিং চেণ্টাৰ সক্রিয় হৈ আছে৷ এই চেণ্টাৰকেইটাত পুৱা ৯ বজাৰ পৰা মহানগৰবাসীয়ে ক’ভিড পৰীক্ষা কৰিব পাৰিব৷

You might also like