নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ প্ৰাকমুহূৰ্তত দুখীয়া পৰিয়ালৰ মাজত খাদ্য-গৰম বস্ত্ৰ বিতৰণ লাইফ ৱে’ৰ

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মৰোৱাৰ ‘লাইফ ৱে’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে  ভোগালীৰ প্ৰাকমুহূৰ্তত অঞ্চলটোৰ বহুকেইটা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, গৰম বস্ত্ৰৰ লগতে পাকঘৰত ব্যৱহৃত সঁজুলি প্ৰদান কৰে।

কোকৰাঝাৰস্থিত অসম আৰক্ষীৰ ৭নং বেটেলিয়নৰ কমাণ্ডেণ্ট সুপ্ৰিয়া দাসৰ সহযোগত আৰু লাইফ ৱে’ সংস্থাৰ সম্পাদক ৰিংকু বৰুৱাৰ নেতৃত্বত বিহুৰ প্ৰাকক্ষণত দুখীয়া পৰিয়ালসমূহৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । বিগত কেইবাবছৰে স্বেচ্ছাসেৱী সংস্থটোৱে বিভিন্ন দুখীয়া পৰিয়ালক সহায়ৰ হাত আগবঢ়াই আহিছে ।

নিয়মীয়া বাৰ্তা, বৰভাগ, ১২ জানুৱাৰী :

You might also like