যোৰহাটত জুবিন গার্গ সোঁৱৰণী দৌৰ প্রতিযোগিতাত প্রতাৰণা
যোৰহাটত জুবিন গার্গৰ নামত অনুষ্ঠিত এখন মাৰাথন দৌৰ প্রতিযোগিতাত আয়োজকে বিজয়ী প্রতিযোগীক কৰা চূড়ান্ত প্রতাৰণাক কেন্দ্র কৰি সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া ৷ বিজয়ী প্রতিযোগীক পুৰস্কাৰ আৰু প্রাইজমানী প্রদান নকৰি আয়োজকে পলায়ন কৰাৰো অভিযোগ কৰা হৈছে৷
জানিব পৰা অনুসৰি, কালি যোৰহাট ষ্টেডিয়ামত অভাৰ লেণ্ড নর্থ–ইষ্ট নামৰ এটা অনুষ্ঠানে ৰান ফৰ জুবিন গার্গ শীর্ষক মাৰাথন দৌৰ প্রতিযোগিতা অনুষ্ঠিত কৰিছিল৷ মূলতঃ স্তন কেঞ্চাৰৰ সজাগতাৰ বাবে আয়োজিত দুটা শাখাৰ এই প্রতিযোগিতাখনত অংশগ্রহণৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে নাগালেণ্ডকে ধৰি চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও যোগদানৰ বাবে আহিছিল বিভিন্ন বয়সৰ প্রতিযোগী৷
৪৫ বছৰ অনূর্ধ্ব আৰু ঊর্ধ্বৰ পুৰুষ–মহিলাৰ দুটাকৈ শাখাত প্রায় ৬০০ প্রতিযোগীয়ে ৪০০ টকাকৈ যোগদান মাচুল দি মাৰাথন প্রতিযোগিতাত অংশগ্রহণ কৰিছিল৷ কিন্তু প্রতিযোগিতাৰ অন্তত বিভিন্ন শাখাত বিজয়ী প্রতিযোগীসকলক আয়োজকসকলে চৰম প্রতাৰণা কৰিলে৷
অভিযোগ অনুসৰি, বহুকেইগৰাকী বিজয়ী প্রতিযোগীক যি পুৰস্কাৰ প্রদানৰ কথা কোৱা হৈছিল সেয়া প্রদান নকৰি ন্যূনতম মাননি আগবঢ়ায়৷ তদুপৰি, ৪৫ বছৰ ঊর্ধ্বৰ বিজয়ী বহু প্রতিযোগীয়ে আনকি ট্ৰফী, মানপত্র আৰু এটকাও লাভ নকৰিলে৷ ৪৫ বছৰৰ পৰা ৭০ বছৰ বয়সৰ বহুকেইগৰাকী মহিলা বিজয়ী প্রতিযোগীয়ে বঞ্চনাৰ বলি হৈ ক্ষোভত ফাটি পৰে৷ এইসকল প্রতিযোগীয়ে ক্ষোভত উল্লেখ কৰে যে অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গার্গক লৈ জীৱিত অৱস্থাত যিদৰে একাংশই ব্যৱসায় কৰিলে ঠিক তেনেদৰে এতিয়া মৃত্যুৰ পিছতো তেওঁৰ নাম ব্যৱহাৰ কৰি এনেদৰে একাংশ ব্যৱসায়ত নামি পৰিছে৷ এয়া দুর্ভাগ্যজনক৷ এনেদৰে প্রাণৰ শিল্পীগৰাকীক লৈ নিন্দনীয় কার্য নকৰিবৰ বাবে সকীয়াই দিয়ে৷ যোৰহাটত সংঘটিত ঘটনাই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰে৷
বিশেষ বার্তা, যোৰহাট, ১২ জানুৱাৰী :