নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত কালী মন্দিৰৰ সমীপতেই সুৰাৰ বিপণী আবণ্টন!

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ধুবুৰীত নতুনকৈ আবন্টন দিয়া সুৰাৰ বিপণী এখনৰ ক্ষেত্ৰত বিভাগীয় নিয়ম উলংঘা হোৱাৰ অভিযোগ উঠিছে। এই মৰ্মে চহৰখনৰ মিছন ৰোডস্থিত কালী মন্দিৰ পৰিচালনা কমিটীকে ধৰি অঞ্চলটোৰ ৰাইজে বিগত ১৩ ফেব্ৰুৱাৰীৰ দিনা ধুবুৰীৰ জিলা আয়ুক্তক লিখিত অভিযোগ দিয়া বুলি জানিব পৰা গৈছে। অভিযোগ পত্ৰখনত ই-টেণ্ডাৰ যোগে আৱন্টন পোৱা অফলাইন সুৰাৰ সেই বিপণীখনৰ পৰা কালী মন্দিৰটোৰ দুৰত্ব ৩০ মিটাৰতকৈ কম বুলি অভিযোগ কৰা হৈছে। আৱকাৰী বিভাগৰ নিয়ম তথা নিবিদাৰ গাইডলাইন অনুসৰি, সুৰাৰ বিপণী এখন চিকিৎসালয়, শিক্ষানুষ্ঠান আৰু ধৰ্মীয় উপাসনাৰ স্থানৰ পৰা পৌৰনিগম অঞ্চলত ৫০ মিটাৰ, পৌৰসভা এলেকাত ১০০ মিটাৰ আৰু গ্ৰামাঞ্চলত ১৫০ মিটাৰ দূৰত্বত থাকিব লাগে বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত কালী মন্দিৰ এটাৰ পৰা ৩০ মিটাৰতকৈ কম দূৰত্বত কিদৰে সুৰাৰ বিপণী এখন আবন্টন দিয়া হ’ল সেই প্ৰশ্নও উত্থাপিত কৰিছে অভিযোগকাৰীসকলে। পত্ৰখনত বিষয়টো লৈ এক উচিত তদন্তৰ নিৰ্দেশ দিয়াৰ সমান্তৰালকৈ তদন্তৰ অন্ততত দোষীৰূপে চিনাক্ত হোৱা ব্যক্তিৰ বিৰূদ্ধে আইন অনুসৰি ব্যৱস্থা লোৱাৰ বাবে জিলা আয়ুক্তক অনুৰোধ জনোৱা হৈছে। লগতে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সাময়িকভাবে সুৰাৰ সেই বিপণীখন আবন্টন নিদিয়াৰ বাবেও জিলা আয়ুক্তৰ ওচৰত দাবী জনাইছে অভিযোগকাৰীসকলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like