নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰী খেতিৰে উজলিছে চিৰাজুলিৰ শিক্ষিত যুৱক ৰাহুল

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী : বৰ্তমান সময়ত শিক্ষিত নিবনুৱা যুৱক সকলৰ ভিতৰত বহুতৰে প্ৰথম লক্ষ্য এটা চাকৰি। কিন্তু, শোণিতপুৰ জিলাৰ চিৰাজুলিৰ আলিমাবাদ গাঁৱৰ মেধা সম্পন্ন শিক্ষিত‌ যুৱক  ৰাহুল ইছলামে সেউজ বিপ্লৱৰে দেখুৱাইছে এক ব্যতিক্ৰমী নিদৰ্শন। জানিবলৈ পৰা মতে, ৰাহুল ইছলামে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ সহ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈ ফাৰ্মাছিষ্ট ডিপ্লমা ল’বলৈ সক্ষম হৈছিল। এগৰাকী মেধা সম্পন্ন যুৱক হিচাপে পৰিচিত ৰাহুল ইছলামে চাকৰিৰ আশাত বহি অবাবত সময় নষ্ট কৰাৰ সলনি বিগত দুবছৰে বগৰী খেতিত নিজকে নিয়োজিত কৰি স্ব-নিয়োজনৰ বাট মুকলি কৰিছে। উল্লেখ্য যে, মিছ ইণ্ডিয়া বগৰী, সুন্দৰী বগৰী, আপেল বগৰী, থাইলেণ্ড বগৰী আদি বিভিন্ন প্ৰজাতিৰ বগৰী খেতি কৰি ৫০-৬০টকা প্ৰতি কেজিত বিক্ৰী কৰি লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে ৰাহুলে। ইতিমধ্যে ৰাহুলৰ উৎপাদিত বগৰীয়ে চিৰাজুলি আৰু ইয়াৰ নিকটৱৰ্তী বজাৰ সমূহ দখল কৰিবলৈ সক্ষম হৈছে। কম খৰচতে এই খেতি কৰি অধিক লাভ উপাৰ্জন কৰিব পৰা যায় বুলি সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত জনাইছে ৰাহুল ইছলামে। চাকৰিৰ সন্ধানতে সীমাবদ্ধ নাথাকি বজাৰ আমাৰ পথাৰ আমাৰ লক্ষ্যৰে সেউজ বিপ্লৱৰ পথিক হোৱা ৰাহুল ইছলাম এতিয়া হৈ পৰিছে আন বহুজনৰ বাবে আদৰ্শ।
প্ৰেৰক সুজিৎ কটকী
You might also like