নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত হোলীৰ দুদিনত বিক্রী ১১.৮ কোটি টকাৰ সুৰা

🔹 হোলীত সুৰা বিক্রীয়ে অভিলেখ ৰচিলে গুৱাহাটীয়ে

বিশেষ বাৰ্তা, ২৮ মার্চ : অইন কিবা হওক বা নহওক সুৰাৰ জৰিয়তে উৎসৱৰ সময়ত নতুন অভিলেখ গঢ়াটো এটা অলিখিত নিয়মত পৰিণত হৈছে গুৱাহাটী মহানগৰীৰ বাবে৷ দুর্গা পূজাৰ পিছত এইবাৰ হোলীৰ সময়তো সুৰা বিক্রীৰ ক্ষেত্রত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ল গুৱাহাটী মহানগৰীয়ে৷ হোলীৰ আনন্দ-উৎসৱক লৈ যোৱা দুদিনত ৰাইজৰ উছাহৰ অন্ত নাছিল৷ কিন্তু আনন্দ–উছাহৰ মাজতে গোলাপী নিচাত মচগুল ৰাইজে গমেই নাপালে কিমান টকাৰ সুৰা গলাধকৰণ হ’ল৷ বিগত দুদিনত প্রায় ১১ কোটি ৮ লাখ টকাৰ সুৰা বিক্রীৰে অভিলেখ সৃষ্টি কৰিলে গুৱাহাটী মহানগৰীয়ে৷ বিগত ২৫ মার্চত গুৱাহাটী মহানগৰীত ৬.৫ কোটিৰো অধিক টকাৰ সুৰা বিক্রী হৈছিল৷ পৰহি এই পৰিমাণ ৪.৭ কোটি টকা পাৰ হয়৷ লক্ষণীয় যে উৎসৱ–পার্বণত সুৰাপান কৰাটো একাংশ লোকৰ বাবে এটা ফেশ্বনত পৰিণত হৈছে৷ যাৰ পৰিণতিত সুৰা বিক্রীৰ অভিলেখেও প্রতিবছৰে ন ন উচ্চতা স্পর্শ কৰি আহিছে৷ ২০২৩ বর্ষত হোলীৰ দুদিনত প্রায় ১০ কোটি টকাৰ সুৰা বিক্রী হৈছিল গুৱাহাটী মহানগৰীত৷ চলিত বর্ষত উক্ত পৰিমাণ হয় ১১ কোটি৷ ইপিনে, সুৰাৰ বিক্রীয়ে প্রতিবছৰে অভিলেখ সৃষ্টি কৰাৰ সময়তে অহা ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে বাৰ আৰু সুৰা বিপণীসমূহৰ বার্ষিক নৱীকৰণ মাচুল অভাৱনীয় হাৰত বৃদ্ধি কৰাত অসন্তুষ্টি প্রকাশ কৰিছে হোটেল এণ্ড ৰেস্তোৰাঁ এছ’চিয়েচন অৱ আছাম শীর্ষক সংস্থাটোৱ৷ সংগঠনটোৰ সভাপতি মৃগাংক হাজৰিকাই এই সন্দর্ভত কয় যে ৰাজ্য চৰকাৰৰ এই পদক্ষেপে সুৰা ব্যৱসায়ৰ সৈতে জড়িতসকলক বিপদত পেলাব৷ ৰাজ্যৰ সুৰাৰ বিপণী আৰু বাৰসমূহত বুজনসংখ্যক কর্মচাৰী কর্মৰত হৈ আছে৷ চৰকাৰৰ এই সিদ্ধান্তই সুৰা ব্যৱসায়ীসকলৰ লগতে কর্মচাৰীসকলকো যথেষ্ট বিপদত পেলাব৷ বার্ষিক নৱীকৰণ মাচুল বৃদ্ধিৰ ফলত বহু বাৰ তথা বিপণী বন্ধ কৰিবলগীয়া হোৱাৰ আশংকাও প্রকাশ কৰিছে সন্থাই৷ সকলো দিশ চালিজাৰি চাই নতুনকৈ সিদ্ধান্ত ল’বলৈ চৰকাৰক আহ্বান জনাইছে সংগঠনটোৱে৷

You might also like