নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত যুদ্ধবিৰতি কেতিয়া

পৱিত্র ৰমজান মাহতো গাজাত বন্ধ হোৱা নাই ৰক্তক্ষয়ী যুদ্ধ৷ ইজৰাইলে কোনো কাৰণতে পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছক নিঃশেষ নকৰাকৈ গাজা ভূখণ্ডত অভিযান বন্ধ কৰিব নিবিচাৰে৷ কিন্তু হামাছক নিঃশেষ কৰাৰ নামত ইজৰাইলে বোমা–ক্ষেপণাস্ত্রৰে থানবান কৰিছে সমগ্র গাজাক৷ ইয়াৰ ফলত পাইকাৰী হাৰত মৃত্যু হৈছে নিৰীহ পেলেষ্টাইনী লোকৰ৷ গাজাৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি ৩২ সহস্রাধিক লোকে এতিয়ালৈকে ইজৰাইলৰ আক্রমণত প্রাণ হেৰুৱাইছে৷ প্রাণ হেৰুওৱা এই লোকসকলৰ ভিতৰত অধিকসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ ইফালে, ইজৰাইলৰ আক্রমণৰ ফলত গাজা ভূখণ্ডলৈ আন্তর্জাতিক সম্প্রদায়ৰ সাহায্য যোগান বন্ধ হৈ পৰিছে৷ পৰিণতিত দুর্ভিক্ষৰ কবলত পৰিছে লাখ লাখ লোক৷ গাজাৰ এই নাৰকীয় পৰিস্থিতি সত্ত্বেও ইজৰাইলে বন্ধ কৰা নাই সামৰিক অভিযান৷ এই বিষয়টোক লৈয়েই আন্তর্জাতিক মহলত সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ বাৰে বাৰে ৰাষ্ট্রসংঘ তথা অন্যান্য আন্তর্জাতিক সংগঠনসমূহে ইজৰাইলক যুদ্ধবিৰতিৰ বাবে আহ্বান জনাই আহিছে যদিও ইজৰাইলী প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে সকলো প্রস্তাৱ অগ্রাহ্য কৰি আহিছে৷ আনকি ইজৰাইলৰ বন্ধু ৰাষ্ট্র হিচাপে চিহ্ণিত আমেৰিকায়ো গাজাত চলি থকা পাশৱিক হত্যাকাণ্ডক লৈ উদ্বেগ প্রকাশ কৰি শীঘ্রে যুদ্ধ বিৰতিৰ বাবে আহ্বান জনাইছে নেতান্যেহু প্রশাসনক৷ আমেৰিকাৰ দাবীকো অগ্রাহ্য কৰিছে ইজৰাইলে৷ ইয়াৰ মাজতে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত যুদ্ধ বিৰতিৰ বিষয়টোক লৈ সৰৱ হৈছে বিভিন্ন দেশ৷ শীঘ্রে গাজাত যুদ্ধবিৰতি স্বাক্ষৰ হ’ব লাগে বুলি দাবী তুলিছে বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ নিৰাপত্তা পৰিষদে৷ বিগত ৫ মাহৰ ভিতৰত কেইবাবাৰো ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত যুদ্ধবিৰতিৰ প্রস্তাৱ অনা হৈছে৷ লক্ষণীয়ভাৱে যুদ্ধবিৰতি বিচাৰি ইয়াৰ পূর্বে নিৰাপত্তা পৰিষদত যিমানবাৰ প্রস্তাৱনা হৈছিল, প্রতিবাৰতেই প্রতিৰোধ লগাইছিল আমেৰিকাই৷ কিন্তু যোৱা সোমবাৰে নিৰাপত্তা পৰিষদত অনা প্রস্তাৱত ভোটদানৰ পৰা বিৰত থাকে ইজৰাইলৰ বন্ধু দেশ আমেৰিকা৷
বিগত ৭ অক্টোবৰৰ পৰা গাজাত ইজৰাইলী সেনাই অভিযান চলাই আছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আৰম্ভ কৰি একাধিক আন্তর্জাতিক সংগঠনে ইজৰাইলৰ হিংস্র সামৰিক অভিযানক নিন্দা কৰি আহিছে৷ গাজাৰ সাধাৰণ মানুহৰ কথা চিন্তা কৰিয়েই অবিলম্বে অঞ্চলটোত যুদ্ধবিৰতি বিচাৰি ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত প্রস্তাৱ আনিছে বিভিন্ন দেশে৷ লক্ষণীয়ভাৱে আমেৰিকাই এই প্রস্তাৱ গৃহীত হোৱাৰ ক্ষেত্রত বাৰে বাৰে হেঙাৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ নিৰাপত্তা পৰিষদত প্রস্তাৱ আনিছে অস্থায়ী সদস্য ৰাষ্ট্র আলজেৰিয়াই৷ প্রস্তাৱৰ সমর্থনত ভোটদান কৰে মুঠ ১৪খন সদস্য দেশে৷ ভোটদানৰ পৰা বিৰত থাকে আমেৰিকা৷ অৱশ্যে শেষপর্যন্ত প্রস্তাৱৰ এটা শব্দক লৈ আপত্তি জনায় ৰাছিয়াই৷ ৰাছিয়াই দাবী কৰিছে যে গাজাত সম্পূর্ণৰূপে ইজৰাইলৰ অভিযান বন্ধ কৰিবলৈ স্পষ্টভাৱে যুদ্ধবিৰতিৰ কথা উল্লেখ কৰিব লাগিব৷ অৱশ্যে প্রথমবাৰলৈ আমেৰিকাৰ অৱস্থান সলনি হোৱাৰ লগে লগে যুদ্ধবিৰতিৰ এই প্রস্তাৱ নিৰাপত্তা পৰিষদত গৃহীত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ কিন্তু ভোট প্রক্রিয়াত আমেৰিকাৰ ভূমিকাক লৈ একাংশ দেশে সমালোচনাও কৰিছে৷ গাজাৰ কৰুণ পৰিস্থিতিক লৈ আমেৰিকাৰ ওপৰত চাপ বৃদ্ধি কৰি আহিছে মধ্যপ্রাচ্যৰ মুছলিম দেশসমূহে৷ ইয়াৰ বাবেই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত অৱস্থান সলনি কৰি আমেৰিকাই যুদ্ধবিৰতিৰ প্রস্তাৱত ভেটো প্রয়োগ বা ভোটদানৰ পৰা বিৰত থাকে বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে চলিত বর্ষত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হ’ব৷ এই নির্বাচনত মুছলিম ভোটবেংক হৈ পৰিব যিকোনো প্রার্থীৰ বাবে গুৰুত্বপূর্ণ৷ গতিকে, সেই দিশটোৰ ওপৰত নজৰ দিও বাইডেন প্রশাসনে গাজাৰ যুদ্ধবিৰতিৰ বিষয়টোক লৈ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত অৱস্থান সলনি কৰা বুলি একাংশই ধাৰণা কৰিছে৷ সেয়া যিয়েই নহওক, বাস্তৱ পৰিস্থিতিয়ে আজিৰ মুহূর্তত গাজাত যুদ্ধবিৰতিৰ প্রাসংগিকতা বৃদ্ধি কৰিছে৷ ৰমজানৰ মাহতে এই যুদ্ধবিৰতি সম্ভৱ নহ’লে ভৱিষ্যতে এইক্ষেত্রত নতুন হেঙাৰ সৃষ্টি হ’ব পাৰে বুলিও একাংশই ধাৰণা কৰিছে৷

You might also like