নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

০.৬০ ছেকেণ্ড : ৪২ বছৰ বয়সতো ছুপাৰমেন এম এছ ধোনী

বিশেষ বাৰ্তা, ২৮ মার্চ : বয়সেও হাৰ মনাব পৰা নাই চেন্নাই ছুপাৰ কিংছৰ প্রাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক৷ বয়স যে মাত্র এটা সংখ্যা, সেই কথা তেওঁ বাৰে বাৰে প্রমাণ কৰি আহিছে৷ মঙলবাৰে আইপিএলত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা মেচখনত এক দুর্দান্ত কেচ আয়ত্ত কৰি তাকেই প্রমাণ কৰি দেখুৱালে মাহীয়ে৷ মেচখনৰ গুজৰাট টাইটানছৰ ইনিংছৰ অষ্টম অভাৰৰ তৃতীয়টো বলত বিজয় শংকৰৰ বেটত লাগি বলটো পিছপিনে যায়৷ লগে লগে ধোনীয়ে সোঁফালে জঁপিয়াই কেচটো আয়ত্ত কৰে৷ সেই কেচটো দেখি বিজয় শংকৰৰ লগতে আচৰিত হৈ পৰে নন ষ্ট্রাইকাৰত থকা ডাৰিল মিছেল৷ সেই সময়ত ধোনীৰ কাষত শ্লিপত ফিল্ডাৰ নাছিল৷ গতিকে কেচটো আয়ত্ত কৰাৰ বাবে ধোনীয়ে জঁপিয়াই পৰিবলগীয়া হয়৷ বলটো তললৈ গৈ আছিল৷ ফলত বলটো আয়ত্ত কৰাটো সহজ নাছিল৷ বলটো আয়ত্ত কৰাত ধোনীৰ সময় আছিল ০.৬০ ছেকেণ্ড৷ অর্থাৎ ১ ছেকেণ্ডতকৈও কম সময়ৰ ভিতৰতে ধোনীয়ে বলটো আয়ত্ত কৰে৷ তেওঁ ২.২৭ মিটাৰ সোঁফালে জঁপিয়াই কেচটো আয়ত্ত কৰে৷ ইমান কম সময়ৰ ভিতৰত বিশেষকৈ এই বয়সত জাম্পিং কৰি কেচটো আয়ত্ত কৰাটো ইমান সহজ নহয়৷ ধোনীৰ এই কার্যত চিদাম্বৰম ষ্টেডিয়ামত উপস্থিত থকা দর্শকসকলে থিয় হৈ অভিনন্দন জনায়৷ উল্লেখ্য যে চলিত আইপিএলৰ ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিপক্ষে খেলা উদ্বোধনী মেচখনতো ধোনীয়ে দুটাকৈ দুর্দান্ত কেচ আয়ত্ত কৰিছিল৷

You might also like