Live Update : অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু নাই
হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ছিংগাপুৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু জুবিন গাৰ্গৰ। হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই...। ছিংগাপুৰত দুৰ্ঘটনাত পতিত জুবিন গাৰ্গ। স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰিল জুবিন গাৰ্গ
আলফা (স্বাঃ)ৰ শোক প্ৰকাশ

=======
আৱাহন থিয়েটাৰৰ আজিৰ প্ৰদৰ্শনী বাতিল
সম্ভৱতঃ আজিয়ে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। কিয়নো গৰিমা গাৰ্গৰ ছিংগাপুৰ যাত্ৰা বাতিল কৰিছে। এখন চাৰ্টাৰ্ড বিমানযোগে অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ। গৰিমা শইকীয়া গাৰ্গ ছিংগাপুৰলৈ ৰাওনা হৈছিল যদিও সেই যাত্ৰা বাতিল কৰিছে।
========
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ শোক প্ৰকাশ
জীৱনৰ প্ৰতিটো মূহূৰ্তৰ বাবে কথা-সুৰৰ সৃষ্টি কৰা সংগীতৰ মহান পূজাৰী, প্ৰতিগৰাকী অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগৰ অকল্পনীয় খবৰ শুনি অতিশয় মৰ্মাহত হৈছো।
জুবিন গাৰ্গ ডাঙৰীয়াৰ আকস্মিক বিয়োগত থমকি ৰৈছোঁ। জাতিৰ পৰিচয়, জাতিৰ স্বাভিমান জুবিন গাৰ্গ নামৰ সদাউজ্জীৱিত সত্তাটিৰ বিয়োগত আমি অবাক, বাকৰুদ্ধ আৰু বেদনাদগ্ধ। ভাৰতৰ সাংস্কৃতিক আকাশৰ চিৰপ্ৰোজ্জ্বল নক্ষত্ৰটি আজি খহি পৰিল। সৃষ্টি, সাধনা আৰু দায়বদ্ধতাৰে অসমীয়া মানুহৰ হৃদয় জয় কৰা জুবিন গাৰ্গে যিধৰণে অসমৰ সমাজ, সংস্কৃতি আৰু সংগীতক সমৃদ্ধ কৰি গ’ল, সেয়া বৰলুইত প্ৰবহমান হৈ থকালৈ যুগে যুগে স্পন্দিত আৰু বন্দিত হৈ ৰ’ব। আপোনাৰ স্মৃতি, আপোনাৰ গীত, আপোনাৰ কথা, আপোনাৰ ধেমালি আৰু আপোনাৰ অসামান্য অৱদান আমাৰ হৃদয়ত সদায়েই দূৰ আকাশৰ নিচুক তৰাটিৰ দৰে দৰে জিলিকি থাকিব। আপুনি সূৰ্য, অসমৰ। আপুনিয়েই এই কেঁচামাটিৰ সুবাস। আপুনি জাতিটোৰ সকাহৰ উশাহ… ঈশ্বৰে আপোনাক স্বৰ্গীয় চিৰপ্ৰশান্তি প্ৰদান কৰক। য’তেই আছে, শান্তিত থাকক দেই। মৰমত থাকক। আমি উমলি থাকিম আপোনাৰ গান আৰু শব্দৰ মাজত…
=======
আইনা আলোচনীৰ শ্ৰদ্ধাঞ্জলি
প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ জীৱনশৈলীগত আলোচনী আইনা জীৱনৰৰ তৰফৰ পৰাও জনাইছে শ্ৰদ্ধাৰ্ঘ্য। আইনা আলোচনীখনত জনলগ্নৰে পৰা থকা তথা আইনা জীৱনৰ আলোচনীখনৰ মূল গীতটোত কণ্ঠ নিগৰাইছিল জুবিন গাৰ্গে।
আইনাৰ বাবে গোৱা গানটো https://youtu.be/95HgpbfkIhI
========
শোকাহত পাপন
এইটো অত্যন্ত মৰ্মান্তিক! এটা প্ৰজন্মৰ কণ্ঠ! অতি সোনকালে আমাক এৰি গ’ল। কথাৰে প্ৰকাশ কৰিব নোৱাৰা অৱস্থা! এজন বন্ধু হেৰুৱালোঁ। এজন ভাই হেৰুৱালোঁ। এটা ডাঙৰ শূন্যতা। তেওঁৰ আত্মাৰ শান্তিময় যাত্ৰাৰ বাবে প্ৰাৰ্থনা কৰিছো।

———
কিদৰে হব জুবিনৰ অন্তিম যাত্ৰা
জুবিনৰ নশ্বৰদেহ কাইলৈ সন্ধিয়া গুৱাহাটীলৈ আনিব।
ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া।
আজি নিশা ৮ বজাত জুবিনৰ শেষ যাত্ৰাৰ সবিশেষ ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে।
বিশিষ্ট সমাজকৰ্মী লুইত কুমাৰ বৰ্মনৰ পোষ্ট
মৃত্যুৰ পিছত অভাৱ অনুভৱ কৰিছোঁ। কিমান কাজিয়া আছিল কিন্তু মৃত্যু কামনা কৰা নাছিলো। আৰু ৩০ বছৰ মান যুজি থাকিব বিচাৰিছিলোঁ।
চব কুটৰ ঘাই ফেষ্টিভেল মহন্ত। চৰকাৰী টকা লুটি পুটি বাৰে বাৰে উৎসৱ পাতে। জুবিনক ব্যৱহাৰ কৰি। কিহৰ দৰকাৰ আছিল Singapore ত এইবোৰ পাতিবলৈ
না চিংগাপুৰত গ’ল হৈ না ঘটনা ঘটিল হেতেন। তদন্ত হব লাগে।
জুবিনৰ মৃত্যুত কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ টুইট
আমি আমাৰ সাংস্কৃতিক প্ৰতীক জুবিন গাৰ্গৰ অকাল মৃত্যুত গভীৰভাৱে মৰ্মাহত আৰু শোকাভিভূত। তেওঁৰ কণ্ঠ, সংগীত আৰু অদম্য উদ্যমে আসাম আৰু তাৰ বাহিৰৰ বহু প্ৰজন্মক উৎসাহিত কৰিছিল। তেওঁৰ পৰিয়াল, প্ৰশংসক আৰু প্ৰিয়জনসকলৰ প্ৰতি মোৰ হৃদয়ৰ পৰা সমবেদনা।
মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সামাজিক মাধ্যমত পোষ্ট
আমি স্তব্ধ, বাকৰুদ্ধ! অবিশ্বাস্য যদিও সত্য যে আমাৰ অতিকৈ মৰমৰ শিল্পী, অসমৰ সম্পদ জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তেওঁৰ অনুপস্থিতি আমাৰ বাবে এক বৃহৎ আৰু অপূৰণীয় ক্ষতি। তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
অধ্যাপক প্ৰদ্যুম্ন গোস্বামী, কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ পোষ্ট
আজিৰ দিনটো অসমৰ বাবে এটা কলা দিন। প্ৰিয় শিল্পীগৰাকীৰ আকস্মিক বিয়োগত শোকস্তব্ধ ৰাজ্য। শোক প্ৰকাশ কণ্ঠশিল্পী দীপান্বিতা ডেকা আৰু বিশিষ্ট সাহিত্যিক, অধ্যাপক প্ৰদ্যুম্ন গোস্বামীৰ।
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পোষ্ট
অত্যন্ত মৰ্মান্তিক…এটা যুগৰ পৰিসমাপ্তি.. জাতিটোৰ বাবে এক অপূৰণীয় ক্ষতি।
কোনেও কেতিয়াও শুনিব নিবিচৰা খবৰটোৱে আজি আমাৰ সকলোৰে হৃদয় ভাঙি দিলে, সকলোৰে চকু সেমেকাই তুলিলে। এতিয়াও বিচাৰোঁ যে এই খবৰটো মিছা হওক, তেওঁ পুনৰাই আমাৰ মাজলৈ ঘূৰি আহক।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যু আমাৰ বাবে মানি ল’ব নোৱাৰা ঘটনা। জুবিন কেৱল এজন শিল্পী নাছিল, জুবিন নিজেই আছিল এটা পূৰ্ণ অনুষ্ঠান, এক বহুমুখী প্ৰতিভা। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কেতিয়াও আঁতৰি নাযায়। অসমীয়াৰ বুকুৰ মাজত জুবিন সদায় জীয়াই থাকিব!
ব্যক্তিগতভাৱে, মোৰ সৈতে তেওঁৰ সম্পর্ক বহু পুৰণি আৰু গভীৰ আছিল। আজি এই ক্ষণত মই অত্যন্ত আৱেগিক হৈ পৰিছোঁ।
এই দুখৰ মুহূর্তত সমগ্র ৰাজ্যবাসী আৰু দেশ-বিদেশৰ অজস্ৰ অনুৰাগীৰ সৈতে দুখৰ সমভাগী হোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্রতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।