নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ভয়াৱহ নহয় লোডশ্বেডিং

📌 অসমত এতিয়াও আশংকা কৰাৰ দৰে হোৱা নাই লোডশ্বেডিং

বিশেষ বাৰ্তা, ৮ জুনঃ গুৱাহাটীকে ধৰি ৰাজ্যৰ আন ঠাইত যিদৰে লোডশ্বেডিং হ’ব লাগিছিল, তেনেদৰে লোডশ্বেডিং হোৱা নাই৷ এপিডিচিএলে জনোৱা অনুসৰি, অসমত তেনেদৰে লোডশ্বেডিং হোৱাৰ সম্ভাৱনাও নাই৷– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৷ ৰাজ্যখনত বিদ্যুতৰ নাটনি প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই আজি সংবাদ মাধ্যমৰ আগত কয় যে ভাৰতৰ সকলো ঠাইতে বিদ্যুতৰ নাটনি আছে ৷ কিন্তু বিদ্যুতৰ নাটনি থাকিলেও অসমত যিদৰে লোডশ্বেডিং হ’ব লাগিছিল, তেনেদৰে হোৱা নাই ৷ বিদ্যুতৰ মাচুল বৃদ্ধি প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিদ্যুতৰ মাচুল কোনো বঢ়োৱা নাই ৷ যোৱা মাহত প্রতি ইউনিট বিদ্যুতৰ দাম ২৫ পইচা কমোৱা হৈছিল ৷ এই মাহত ৩০ পইচা বৃদ্ধি কৰা হৈছে ৷ অর্থাৎ এই মাহত বিদ্যুতৰ দাম পাঁচ পইচাহে বাঢ়িছে ৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঘৰত চাৰিটা কোঠাত চাৰিটা এচি চলি থাকিলে বিদ্যুতৰ বিল বৃদ্ধি পাবই ৷ বিদ্যুতৰ বিল কিমান পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰিছে তাৰ ওপৰত নির্ভৰ কৰিব ৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা তিনিটা দিনত অসমত তাপমাত্রা ৩৮ ডিগ্রী চেলছিয়াছতকৈ বৃদ্ধি হৈছে ৷ উষ্ণতা বৃদ্ধিৰ বাবে এচি ব্যৱহাৰৰ ফলত বিদ্যুতৰ খৰচ বৃদ্ধি হৈছে ৷ ইয়াৰ বাবে এপিডিচিএলো লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ এনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ হ’লে ব্যক্তিগত অর্থনীতি, ৰাজ্যৰ অর্থনীতি আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে বনভূমি সংৰক্ষণ কৰিব লাগিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে ৷

You might also like