নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কপিলৰ প্ৰতিটো শ্ব’ত ৫ কোটি টকা!

বিশেষ বাৰ্তা, ৮ জুনঃ কপিল শৰ্মা কমেডী শ্ব’ৰ উপৰি ডাঙৰ পৰ্দাতো জনপ্ৰিয় মুখ। তেওঁৰ প্ৰশংসাত পঞ্চমুখ এজন পাকিস্তানী কমেডিয়ান। পাকিস্তানী কমেডিয়ান ইফতিখাৰ ঠাকুৰে কয়- কপিল শৰ্মাই ইটোৰ পিছত সিটো টেলিভিছন শ্ব’ৰে দৰ্শকৰ হৃদয় জয় কৰি আহিছে। এই মুহূৰ্তত তেওঁ মায়ানগৰীৰ অন্যতম জনপ্ৰিয় মুখ। কেৱল কমেডী শ্ব’ই নহয়, কপিলক কেইবাখনো ছবিত অভিনয় কৰাও দেখা গৈছে। উল্লেখ্য যে শেহতীয়াকৈ পাকিস্তানী কমেডিয়ান ইফতিখাৰ ঠাকুৰে দাবী কৰিছে যে কপিলে এবাৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ৫ কোটি টকা লয়! এটা প’ডকাষ্টত ইফতিখাৰে কয়- “কপিল এজন অতি নম্ৰ-ভাল মানুহ। লগ পালে বুজি নাপাব যে তেওঁ ইমান ডাঙৰ তাৰকা। আচৰণত ক’তো অহং ভাব নাই। শৈশৱৰ বন্ধুৰ লগত কথা পাতি থকা যেন লাগিব।” ইয়াৰ পিছত পৰিচালক নাদিৰ আলীৰ কপিলৰ মাননি সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত ইফতিখাৰে কয়- “নিশ্চিতভাৱে প্ৰতিটো শ্ব’ত ৫ কোটি টকা! সেইটোৱেই তেওঁৰ প্ৰাপ্য।” কমেডিয়ানজনে ভাৰতত পোৱা আতিথ্যৰ কথা মনত পেলায়। তেওঁ কয়- ভাৰতীয় শিল্পীসকল আন সকলোতকৈ উদাৰ আৰু অতিথিপৰায়ণ। ইফতিখাৰে লগতে কয়- ভাৰতীয় শিল্পীসকল পাকিস্তানী শিল্পীতকৈ বহু বেছি পেছাদাৰী। সময়োপযোগিতা আৰু কঠোৰ পৰিশ্ৰমৰ ক্ষেত্ৰত তেওঁ ভাৰতীয় তাৰকাক প্ৰথম স্থান দিব বিচাৰে।

You might also like