নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশোকাষ্টমী উপলক্ষে কাইলৈ ধুবুৰীত স্থানীয় বন্ধ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ কাইলৈ অশোকাষ্টমী। হিন্দু লোকবিশ্বাস অনুসৰি অশোকাষ্টমীৰ দিনা বৰলুইতত গা ধুলে পাপ খণ্ডন হয়। সেই বিশ্বাসক কৰোঁতে কৰি কাইলৈ সেই বিশেষ দিনটোত ব্ৰহ্মপুত্ৰত গা ধুই পাপ খণ্ডন কৰিবলৈ ধুবুৰীলৈ ঢল নামে ভক্তপ্ৰাণ ৰাইজৰ। ইপিনে অশোকাষ্ট’মী উপলক্ষে আজি বিয়লিৰ পৰাই ধুবুৰীলৈ জিলাখনৰ বিভিন্ন অঞ্চলকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও চুবুৰীয়া পশ্চিমবংগ আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমণ ঘটিবলৈ লোৱা দেখা গৈছে। বাহিৰৰ পৰা অহা সেই পূৰ্ণ্যাৰ্থীসকলক বিনামূলীয়াকৈ নিশাৰ আহাৰ আৰু থকাৰ ব্যৱস্থা কৰিবলৈ আগুৱাই আহিছে ধুবুৰীৰ স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে। ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰী কৰ্তৃপক্ষই ধুবুৰী বজাৰ ব্যৱসায়ী সমিতিৰ সহযোগত বিনামূলীয়াকৈ ভক্তসকলৰ থকা-খোৱাৰ ব্যাপক ব্যৱস্থা কৰিছে। তাৰোপৰি কেশৱ সেৱা সমিতি, হিন্দু জাগৰণ মঞ্চ, আমৰা সবাই আদি বিভিন্ন সংগঠনে ধুবুৰীৰ বাহিৰৰ পৰা অহা পূণ্যাৰ্থীসকলৰ বাবে খোৱা-মেলাৰ বিশেষ ব্যৱস্থা কৰিছে। ইপিনে কাইলৈৰ অশোকাষ্ট’মী স্নানৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ বৰলুইতৰ পাৰঘাট-মেলা ময়দান ঘাট, কাছাৰি ঘাট, পঞ্চুঘাট আৰু বিএছএফ ঘাটত পূণ্যৰ্থীসকলৰ যাতে সুকলমে যাৱতীয় মাঙ্গলিক কাম-কাজ কৰিব পাৰে তাৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে। উল্লেখ্য যে, এইবাৰ ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনৰ যোগমায়া ঘাটত স্নানৰ অনুমতি দিয়া হোৱা নাই। আনহাতে যিকোনো অঘটনৰ সৈতে মোকাবিলা কৰাৰ বাবে এছডিআৰএফ, বিএছএফ বাহিনীকে ধৰি প্ৰশাসনে চিকিৎসকৰ দলো ইতিমধ্যে সাজু কৰিছে। উল্লেখ্য যে, এইবেলিৰ অশোকাষ্ট’মীৰ দিনা অতি পৱিত্ৰ বুলি লোকবিশ্বাস থকা বুধাদিত্য যোগ থকা হেতুকে পূৰ্বৰ তুলনাত এইবেলি অধিক ভক্তৰ আগমন ঘটাৰ সম্ভাৱনা থকা বুলি অনুমান কৰা হৈছে। প্ৰতি বছৰৰ দৰে অশোকাষ্ট’মীৰ সৈতে সংগতি ৰাখি এইবেলিও আয়োজন কৰা হৈছে ১৫ দিনীয়া এক মেলাৰ। আজি বিয়লি ধুবুৰী জিলা উপায়ুক্ত দিৱাকৰ নাথে ধুবুৰীৰ প্ৰখ্যাত সেই অশোকাষ্ট’মী মেলাখন আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে। ধুবুৰী পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট আইনজীৱী প্ৰয়াত কমল দে বক্সীৰ নেতৃত্বত ১৯৬৯ চনৰ পৰা পৰিকল্পিত ৰূপত আৰম্ভ হোৱা এই মেলাই সময়ৰ গতিত বৰ্তমানে এক বিশাল ৰূপ ধাৰণ কৰিছে। ৫৩ বছৰত ভৰি দিয়া এই মেলাখনৰ ধুবুৰীৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনৰ সৈতেও আছে এক নিবিড় সম্পৰ্ক। তদুপৰি ধুবুৰীৰ এক দীৰ্ঘ ইতিহাস আৰু সমাজৰ সকলো স্তৰৰ, ধৰ্ম আৰু ভাষা-ভাষীৰ ৰাইজৰ মিলনৰ সাকোঁ এই মেলাখন। ফলত স্বাভাৱিক ভাৱেই মেলাখনে অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ মানচিত্ৰত অন্তঃকৰণে কামনা কৰে স্থানীয় ৰাইজে। ধুবুৰীৰ সকলো স্তৰৰ ৰাইজৰ আশা- ধুবুৰীৰ অভিভাবক তথা অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই মেলাখনক আনিব নিজৰ বিভাগটোৰ আওতালৈ। উল্লেখ্য যে, অশোকাষ্ট’মী উপলক্ষে কাইলৈৰ দিনটো স্থানীয় বন্ধৰ দিন ৰূপে ঘোষণা কৰিছে ধুবুৰী জিলা উপায়ুক্তই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like