নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ঝাৰগাঁৱত “জীৱনৰ বাবে এটা সপ্তাহ” শীৰ্ষক পৰিৱেশ সজাগতাৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ: ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ২১ মাৰ্চৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰা “জীৱনৰ বাবে এটা সপ্তাহ” শীৰ্ষক কাৰ্যসূচীৰ অংশ ৰূপে ওদালগুৰি জিলাৰ দহ খন বিদ্যালয়ক সাঙুৰি আয়োজন কৰা সপ্তাহজোৰা পৰিৱেশ সজাগতা কাৰ্যসূচীৰ আজি ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰে। সামৰণি অনুষ্ঠান উপলক্ষে আজি পুৱাৰ ভাগত ঝাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ চৌহদ আৰু ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীত ইক’ক্লাৱ, ওদালগুৰিৰ সমন্বয়ক দেৱজিৎ বৰা আৰু ঝাৰগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্ত ৰাম ৰাভাই অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে দহ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিৱেশ সজাগতা সম্পৰ্কীয় বিভিন্ন শ্ল’গান সম্বলিত ফেষ্টুন লৈ এক চাইকেল ৰেলীত অংশ লয় । দুপৰীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় সু-স্বাস্থ্য সম্পৰ্কীয় শ্ল’গান লিখা প্ৰতিযোগিতাৰ লগতে পোষ্টাৰ মেকিং আৰু চিত্ৰাংকন প্ৰতিযোগিতা। বিয়লি উন্নত জীৱন শৈলী, উন্নত খাদ্যাভ্যাস, জৈৱিক খাদ্য ইত্যাদি স্বাস্থ্য সন্মত বিষয় সম্পৰ্কীয় এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। খাগাৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন্দ্ৰ নাথ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত আলোচনা চক্ৰত ভাগ লৈ ইক’ক্লাৱ, ওদালগুৰিৰ সমন্বয়ক দেৱজিৎ বৰাই পৰিৱেশৰ বাবে জীৱন শৈলী সম্পৰ্কে এক সুন্দৰ বক্তৃতা প্ৰদান কৰে। পানী সংৰক্ষণ, এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ প্ৰচলন হ্ৰাস, সু-স্বাস্থ্যৰ বাবে অনুকৰণীয় জীৱন শৈলী, শক্তি সংৰক্ষণ, বহনক্ষম খাদ্য প্ৰণালী গ্ৰহণ ইত্যাদি বিষয় সম্পৰ্কে মনোজ্ঞ ব্যাখ্যা দাঙি ধৰি সুন্দৰ পৰিৱেশৰ মাজত সুন্দৰ জীৱন যাপনৰ অভ্যাস গঢ়ি তুলিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰী সকলক পৰামৰ্শ আগবঢ়ায়। গাম্ভীৰ্যপূৰ্ণ এই আলোচনা চক্ৰত শিক্ষক কৃষ্ণ বৰুৱা, চৱন কুমাৰ বড়ো, ৰাজীৱ শৰ্মা, পৰশু ৰাম ডেকা, সুৰেন্দ্ৰ মোহন ৰাভা, মন্টু ডেকা, ঝাৰগাঁও অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী যোগেন ডেকা, চানা ৰাম বড়োকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like