নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)ৰ অভিলেখ; সম্পূর্ণ হ’ল ১০,৯৫,৮৭৫টা গৃহ

  • দুই লাখ হিতাধিকাৰীক এটা দিনতে প্রদান কৰা হ’ব গৃহ

 

নিয়মীয়া বাৰ্তা, ১০ মে’: ৰাজ্যৰ দৰিদ্র লোকসকলক এটা পকী গৃহ প্রদানৰ বাবে ৰাজ্য চৰকাৰখনে গ্রহণ কৰি অহা পদক্ষেপে ব্যাপক সাফল্য লাভ কৰিছে৷ প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)ৰ জৰিয়তে ঘৰ আবণ্টনৰ এই প্রক্রিয়া শেহতীয়াকৈ ৰাজ্যখনত অভিলেখ স্থাপনৰ দিশে আগবাঢ়িছে৷ মুখ্যতঃ প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত অসমত ২০১৬ চনৰ পৰা এতিয়ালৈ ১০,৯৫,৮৭৫টা পকী ঘৰ সম্পূর্ণ হৈ উঠিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা তৎপৰতাৰ ফলতেই ৰাজ্যখনত ১০ লাখ গৃহ নির্মাণ সম্পূর্ণ হোৱাটো যথেষ্ঠ আশাব্যঞ্জক ৰূপে পৰিগণিত হৈছে৷ উল্লেখ্য যে ২০১৬ চনৰ পৰা আজিৰ তাৰিখলৈ ১০ লাখৰো অধিক গৃহ নির্মাণৰ বিপৰীতে বিগত দুটা বর্ষত ২০২১ চনৰ ১০ মে’ৰ পৰা চলিত বর্ষৰ ১০ মে’লৈ ৭,০৩,৬৩৩টা ঘৰ নির্মাণ সম্পূর্ণ হৈছে৷ অর্থাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৭ লাখৰো অধিক গৃহ দুটা বর্ষত নির্মাণ কৰিবলৈ সক্ষম হৈছে পঞ্চায়ত–গ্রামোন্নয় বিভাগে৷ স্মর্তব্য যে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত ২০ লাখতকৈ অধিক ঘৰ জি’ টেগ কৰা হৈছে৷ ইয়াৰে ভিতৰত ১৫.৫ লাখ পৰিয়াল যোগ্য হিচাপে পৰিগণিত হৈছে৷ সকলোৰ বাবে গৃহ– এই নীতিৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিখন ৰাজ্যতে অৱাস যোজনাৰ গৃহ সম্পূর্ণ কৰাৰ বাবে দিয়া পৰামর্শৰ ভিত্তিতে অসমে এই দিশত সাফল্য লাভ কৰাই নহয়, গৃহ নির্মাণেৰে অভিলেখৰ দিশত আগবাঢ়িছে৷ গুৰুত্বপূর্ণ দিশটো হ’ল যে প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)ৰ গৃহ নির্মাণৰ দিশত অভাৱনীয় সফলতা লাভ কৰা অসম চৰকাৰে এইবাৰ চলিত মাহতেই ২ লাখ হিতাধিকাৰীক আবণ্টন দিব গৃহ৷ অর্থাৎ ১০ লাখৰো অধিক পকী গৃহ নির্মাণৰ কাম সম্পূর্ণ হোৱাৰ পাছত এইবাৰ একেদিনাই ২ লাখ গৃহ প্রৱেশ অনুষ্ঠান সম্পূর্ণ কৰিব৷ মন কৰিবলগীয়া যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে গ্রাম্য দৰিদ্রতা দূৰীকৰণৰ লগতে দাৰিদ্র্য সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে গ্রাম্য জীৱিকা বৃদ্ধিত অধিক গুৰুত্ব প্রদান কৰিছে৷ বিশেষকৈ মহাত্মা গান্ধী ৰাষ্ট্র গ্রাম্য নিযুক্তি, প্রধানমন্ত্রী আৱাস যোজনা, ৰাষ্ট্রীয় গ্রাম্য জীৱিকা মিছন, ৰাষ্ট্রীয় সামাজিক সহায় কার্যসূচীৰ লগতে কেন্দ্রীয় আৰু ৰাজ্যিক বিত্ত আয়োগৰ দ্বাৰা অনুমোদিত আঁচনিসমূহ ৰূপায়ণত সফলতা লাভ কৰিছে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে বিগত দুটা বর্ষত বিভিন্ন সামাজিক সহায় আঁচনিৰ অধীনত বেংকৰ জৰিয়তে হিতাধিকাৰীক সাহায্য প্রদানত সুফল লাভ কৰিছে৷ বিশেষকৈ বিধৱা পেন্সন, বৃদ্ধ পেন্সনকে ধৰি কেইবাটাও আঁচনিৰ ধন বেংকৰ একাউণ্টৰ জৰিয়তে প্রদান কৰাৰ লগতে এনএছএমৰ দ্বাৰা হিতাধিকাৰীক ধন প্রদানৰ বার্তা প্রদান কৰিছে৷ ৰাষ্ট্রীয় সামাজিক সহায় কার্যসূচীৰ পেন্সন আঁচনিৰ অধীনত ২০২১–২২ আৰু ২০২২–২৩ বর্ষত ৫ লাখৰো অধিক হিতাধিকাৰী লাভান্বিত হৈছে৷ যোৱা দুটা বছৰত ১৩.৩ লাখতকৈ অধিক বৃদ্ধ হিতাধিকাৰী আৰু ২.১ লাখতকৈ অধিক বিধৱা মহিলা উপকৃত হৈছে৷

You might also like