নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত লাভ জেহাদ, বিদ্যালয়লৈ যোৱা কিশোৰীক পলুৱাই নিলে খান উপাধিৰ যুৱকে !

🔹 ধলপুৰ আৰক্ষীক পৰিয়ালৰ এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাভ জেহাদৰ বলি হৈ হিন্দু ধৰ্মৰ একাংশ যুৱতী আৰু বোৱাৰীয়ে জীৱনত চৰম যাতনা ভুগিবলগীয়া বা মৃত্যুক আঁকোৱালি ল’ব লগা ভিন্ন ঘটনা-পৰিঘটনাৰ মাজতে এইবাৰ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এগৰাকী ছাত্ৰীক কালি মুছলমান ধৰ্মাৱলম্বী লোকে পলুৱাই নিয়া বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকীয়ে পুৱা ৭ বজাত বিদ্যালয়লৈ বুলি ওলাই যায় ৷ বিদ্যালয় ছুটী হোৱাৰ পাছতো নিৰ্ধাৰিত সময়লৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে ৷ ছাত্ৰীগৰাকীৰ ম’বাইল নম্বৰত যোগাযোগ কৰে যদিও ম’বাইলটো ছুইচ অফ বুলি জানিব পাৰে ৷ ছাত্ৰীগৰাকীৰ দেউতাকে জীয়ৰীক মুছলমান ধৰ্মাৱলম্বী এজন যুৱকে পলুৱাই নিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ যুৱকজন ৰঙিয়াৰ মহিদুল খান বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে ৷
মহিদুলে ছাত্ৰীগৰাকীলৈ ফোন-মেছেজ কৰি মানসিকভাৱে হাৰাশাস্তি কৰি কৌশলেৰে কিশোৰীগৰাকীক প্ৰেমৰ মায়াজালত আবদ্ধ কৰি পলুৱাই নিয়াৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে ছাত্ৰীগৰাকীৰ পিতৃয়ে ধলপুৰ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷
প্ৰেৰক মাধুৰ্য দাস
You might also like