নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জইচ–লস্কৰৰে সম্পর্ক নাই তালিবানৰ

নিয়মীয়া বাৰ্তা ১৯ জুলাইঃ পাকিস্তানত আশ্রয় লৈ ভাৰতত বিভিন্ন সময়ত কূটাঘাত সংঘটিত কৰি অহা সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা (এলইটি) আৰু জইচ–ই–মহম্মদ (জেইএম)ৰ সৈতে আফগানিস্তানৰ কট্টৰ ইছলামিষ্ট সন্ত্রাসবাদী সংগঠন তালিবানৰ কোনো সম্পর্ক নাই৷ –আজি জি মিডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তালিবানত আন্তর্জাতিক সংবাদ মাধ্যমৰ বাবে থকা মুখপাত্র ছুহেইল শ্বাহিনে এই কথা স্পষ্ট কৰি দিছে৷ পাকিস্তানী সন্ত্রাসবাদী সংগঠন দুটাৰ সৈতে তালিবানে কোনো সম্পর্ক স্থাপন কৰা নাই বুলি উল্লেখ কৰি ছুহেইলে লগতে এই কথাও কয় যে তালিবানে পাকিস্তানী সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্ক স্থাপন কৰাৰ কোনো প্রশ্ণই আহি নপৰে৷ কাৰণ তালিবানৰ লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে পাক সন্ত্রাসবাদী সংগঠন দুটাৰ কোনো ধৰণৰ সম্পর্ক নাই৷

স্মর্তব্য যে শেহতীয়াকৈ আফগানিস্তানৰ ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে পাকিস্তানৰ পৰা ১০ সহস্রাধিক জেহাদীয়ে আফগানিস্তানত প্রৱেশ কৰি তালিবানক কূটাঘাতত সহায় কৰা বুলি মন্তব্য কৰিছিল৷ ঘানিয়ে আনকি এইক্ষেত্রত আফগান চোৰাংচোৱাৰ হাতত সবিশেষ তথ্য থকা বুলি দাবী কৰিছিল৷ অকল পাকিস্তানেই নহয়, অন্য কেইবাখনো দেশৰ পৰা ইছলামিষ্ট জেহাদীয়ে আহি আফগান ভূমিত ৰক্তক্ষয়ী সংঘর্ষ চলাই থকা বুলি দাবী কৰিছিল ৰাষ্ট্রপতিগৰাকীয়ে৷ কিন্তু এই দাবীক অগ্রাজ্য কৰিছে তালিবানৰ মুখপাত্র ছুহেইলে৷

লক্ষণীয়ভাৱে এটা মাহৰ ভিতৰত তালিবানে আফগানিস্তানৰ ৮৫ শতাংশ অঞ্চল নিজৰ দখললৈ নিয়া বুলি দাবী কৰিছিল৷ সাক্ষাৎকাৰটোত ছুহেইলে এই কথাও উল্লেখ কৰে যে আফগানিস্তানৰ বৃহৎ আন্তঃগাঁথনি প্রকল্পবোৰ সুৰক্ষিত অৱস্থাত ৰখাটো তালিবানৰ লক্ষ্য৷ আনকি বৃহৎ বান্ধবোৰো তালিবানে সুৰক্ষিত অৱস্থাত ৰখা বুলি মন্তব্য কৰে ছুহেইলে৷ স্মর্তব্য যে ভাৰতে আফগানিস্তানৰ পশ্চিম প্রান্তৰ প্রদেশ হেৰাটত বৃহৎ বান্ধ নির্মাণ কৰি দেশখনৰ সৈতে বন্ধুত্বৰ চানেকি দাঙি ধৰিছে৷

You might also like