নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ ৬ দোষীক মুক্তিৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ গোচৰত ৬জন দোষীক মুকলি কৰি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। এতিয়া এই হত্যাকাণ্ডৰ লগত জড়িত সকলো দোষী জেলৰ বাহিৰত থাকিব। এই গোচৰত মুঠ ৭ জন দোষী আছিল, ইয়াৰে এজন পেৰাৰিভালানক চলিত বৰ্ষৰ মে’ মাহত মুকলি কৰি দিয়া হৈছিল। এতিয়া বাকী ৬ জন দোষীকো মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে। শুকুৰবাৰে (১১ নৱেম্বৰ) ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ বি ভি নাগাৰাথনৰ বিচাৰপীঠে তেওঁলোকক মুক্তিৰ নিৰ্দেশ দিয়ে।

সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ অধীনত শীৰ্ষ আদালতে বিগত ১৮ মেত পেৰাৰিভালানৰ মুক্তি দিছিল। ইপিনে আজি পেৰাৰিভালান সন্দৰ্ভত জাৰি কৰা নিৰ্দেশ এই ছয়জন দোষীৰ ক্ষেত্ৰতো প্ৰযোজ্য বুলি আদালতে প্ৰকাশ কৰিছে। বিচাৰপীঠে কয় যে যদি এই দোষীসকলৰ বিৰুদ্ধে আন কোনো গোচৰ চলি থকা নাই, তেন্তে তেওঁলোকক মুকলি কৰি দিব লাগে।

উল্লেখ্য যে ১৯৯১ চনৰ ২১ মে’ৰ নিশা তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত নিৰ্বাচনী সভাত ধনু নামৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুই হত্যা কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক। এই আটাইকেইজন অভিযুক্ত প্ৰায় ৩১ বছৰ কাৰাগাৰত আছিল।

You might also like