নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন

নিয়মীয়া বার্তা, ২১ জুন : হোজাই জিলা সাহিত্য সভাই লামডিং শাখা সাহিত্য সভা আৰু অসমীয়া বিভাগ,লামডিং মহাবিদ্যালয়ৰ উদ্যোগত কেন্দ্ৰীয় ভাবে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি ৰেল’ৱে ইনষ্টিটিউট প্ৰাংগণত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ পূৱা লামডিং শাখা সাহিত্য সভাৰ দ্বাৰা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পনৰ অন্তত বিয়লি ৩.৩০ বজাত জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানত সভাৰ আৰম্ভণিতে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদানেৰে শুভাৰম্ভ কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপতি ড° গুণেশ্বৰ শইকীয়াই৷ জিলা সাহিত্য সভাৰ সভাপতি ড° গুণেশ্বৰ শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত বিষ্ণু প্ৰসাদ ৰাভাৰ বৰ্ণিল কৰ্মজীৱনী সম্পৰ্কে বিশিষ্ট গল্পকাৰ সিদ্বাৰ্থ শংকৰ বেজবৰুৱা উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷বেজবৰুৱাই ভাষণ প্ৰসংগত কয় ৰাভা বহুধা বিভক্ত এটা ৰুপ৷ তেওঁক আমি চিত্ৰশিল্পী হিচাপে জানো৷ কিন্ত তেওঁ ৰাজনীতিবিদ, বুৰঞ্জীবিদ আৰু এগৰাকী নৃতত্ত্ববিদো আছিল৷ তেওঁ সদায় জনসমাজৰ হকে কাম কৰি গৈছিল৷ এনেদৰে এক তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে৷ ইপিনে সভাত ‘ঊনৈছ শতিকাৰ শতিকাৰ অসমীয়া ভাষাৰ সংকট আৰু সমসাময়িক বংগভাষী সমাজ’ শীৰ্ষক আলোচ্য বিষয়ৰ ওপৰত অনুপ বৰঠাকুৰে বক্তব্য আগবঢ়ায়৷ সভাত কেইবাগৰাকী শিক্ষাৰ্থীয়ে বিষ্ণু ৰাভাৰ কবিতা পাঠ কৰে৷ উল্লেখ যোগ্য যে দিৱসটিৰ লগত সংগতি ৰাখি জিলা সাহিত্য সভাৰ অন্তৰ্গত এটি সক্ৰিয় স্বৰ্ণ শাখা যমুনাপৰীয়া শাখা সাহিত্য সভাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচন হৈ যায়৷ এই গ্ৰন্থ কেইখন হৈছে কবি মোজাম্মিল আলীৰ ‘এখনি নতুন পৃথিৱী’ ,আৰু ‘নতুন প্ৰভাতৰ ৰবি’ উন্মোচন কৰে ক্ৰমে ড° গুণেশ্বৰ শইকীয়া আৰু বিশিষ্ট গল্পকাৰ সিদ্ধাৰ্থ বেজবৰুৱাই৷ কবি পদ্মকান্ত বৰাৰ “চাই লও এবাৰ মুখখনি তোমাৰ” গল্পগ্ৰন্থখন উন্মোচন কৰি অনুপ কুমাৰ বৰঠাকুৰে৷ লগতে আমিৰুল মুমিনৰ ‘জোনাকৰ সন্ধানত’ উন্মোচন কৰে কবি কামাখ্যা প্ৰসাদ হাজৰিকাই৷ ইয়াৰ উপৰিও ছাদিকুজ জামানৰ সম্পাদনাত প্ৰকাশিত সংকলন ‘কাব্য যমুনা’ উন্মোচন কৰে ডঃ ৰজত গোশ্বামীয়ে৷ সন্ধিয়া ৬ বজাত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ উপৰি স্থানীয় শিল্পী সকলৰ দ্বাৰা ৰমেন হাজৰিকাৰ পৰিচালনা আশ্ৰয় নামৰ এখন নাটকো মঞ্চস্থ কৰা হয়৷

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like