নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জুলাইত ধুবুৰী জিলা দিৱস উদযাপনৰ সিদ্ধান্ত জিলা প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ২১ জুন:  অসম চৰকাৰে ৰাজ্যৰ প্ৰতিখন জিলাকে জিলা দিৱস উদযাপনৰ বাবে দিয়া নিৰ্দেশ মৰ্মে  অহা ১ জুলাইৰ দিনা, অৰ্থ্যাৎ  ধুবুৰী জিলা গঠন হোৱা দিনটোত  ‘‘ধুবুৰী জিলা দিৱস’’ অনুষ্ঠিত হ’ব। আজি ধুবুৰীস্থ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত সিদিনা অৰ্থ্যাৎ ১ জুলাই তাৰিখে ধুবুৰী চহৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বৰ্ণিল কাৰ্য্যসূচীৰে ‘ধুবুৰী জিলা দিৱস’ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।  উল্লেখ্য যে, ১৯৮৩ চনৰ ১ জুলাইত ধুবুৰী জিলা গঠন কৰা হৈছিল৷ ইয়াৰ পূৰ্বে ধুবুৰী গোৱালপাৰা জিলাৰ অন্তৰ্গত আছিল আৰু বৰ্তমানে ধুবুৰী জিলাৰ সদৰ ধুবুৰী চহৰ তেতিয়াৰ অবিভক্ত গোৱালপাৰা জিলাৰো সদৰ ঠাই আছিল।

You might also like