নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয়ত মাহজোৰা কাৰ্যসূচীৰে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

নিয়মীয়া বাৰ্তা, ২১ জুন: সমগ্ৰ বিশ্বৰ লগতে কটন বিশ্ববিদ্যালয়ত অষ্টম সংখ্যক যোগ দিৱস পালন কৰা হয়। বিশ্ববিদ্যালয়ৰ ড° টি আও ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত যোগ দিৱস কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়াক অধ্যাপক মহাদেৱ পাটগীৰিয়ে । তেখেতৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অধ্যাপক মনজি‌ৎ কুমাৰ ভট্টাচাৰ্য, ডিন ছাত্ৰ কল্যাণ, অধ্যাপক প্ৰশান্ত শৰ্মা, সঞ্চালক, ছাত্ৰ কল্যাণ, কটন বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ উপ সভাপতি ড‌° ৰুমা তালুকদাৰ, সহযোগী অধ্যাপিকা ড° বন্দনা শৰ্মা, ড° পৰিস্মিতা বৰদলৈ, ড° দেৱজ্যোতি বৰুৱা, ইন্দোৰ ষ্টেডিয়ামৰ শাৰীৰিক নিৰ্দেশক ড° কুলেন দাস সহ প্ৰায় এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই যোগ কাৰ্যসূচীত অংশগ্ৰহন কৰে ।

উল্লেখ্য যে মাহজোৰা কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ৰ NSS গোটৰ দ্বাৰা ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ক নিৰ্দ্ধাৰণ কৰি দিয়া দুটা দিনত যোগৰ কৰ্মশালাৰ লগতে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ইয়াৰোপৰি কামৰূপ মহানগৰ জিলা ক্রীড়া বিষয়াৰ সহযোগত কটন বিশ্ববিদ্যালয়ত ৬ জুনৰ পৰা ২০ জুনলৈ প্ৰতিদিনে আবেলি ৪ বজাত যোগাসন কাৰ্যসূচী ৰূপায়ণ কৰে ।বিশ্ববিদ্যালয়ৰ এই যোগ কাৰ্যসূচীত প্ৰশিক্ষকৰূপে অংশগ্রহণ কৰে উদ্যোগী তথা পেছাদাৰী যোগ প্ৰশিক্ষক অংকিতা বৰঠাকুৰে । তেখেতৰ সৈতে সহযোগিতা আগবঢ়ায় ধ্ৰুৱজ্যোতি হালৈয়ে ।

উল্লেখ্য যে ২০১৫ চনৰ পৰা আৰম্ভ হোৱা আন্ত ৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্য্যসূচী কটন বিশ্ববিদ্যালয়ে প্ৰতিবছৰে পালন কৰি আহিছে ৷

চাওক ভিডিঅ’-

You might also like