নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বানন্দৰ ভয়ত ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ ফৰিংছিটিকা লুৰিণজ্যোতিৰ!

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ ডিব্রুগড়ত সর্বানন্দ সোণোৱালক বিজেপিয়ে প্রার্থিত্ব দিয়াত হাহাকৰা বিৰোধীত। লগে লগে ডিব্রুগড়ৰ পৰা ফৰিং চিটিকা দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ গগৈয়ে আসন্ন লোকসভা নির্বাচনত কংগ্রেছৰ সমর্থনত ডিব্রুগড়ৰ পৰা অৱতীর্ণ হোৱাৰ বাবে প্রায় এবছৰ ধৰি কুচকাৱাজ চলাই আছিল৷ আনকি কংগ্রেছেও ডিব্রুগড়ৰ আসনখন অংশীদাৰ দল অজাপক এৰি দিয়াৰ বাবে সন্মত হয়৷ কংগ্রেছ আৰু অজাপ উভয়ে নিশ্চিত আছিল– ডিব্রুগড়ত লুৰিণজ্যোতি গগৈয়ে এইবাৰ লোকসভা নির্বাচনত চমকপ্রদ ফলাফল প্রদর্শন কৰিব৷ কিন্তু বিজেপিয়ে সর্বানন্দ সোণোৱালক প্রার্থিত্ব দিয়াৰ লগে লগে ডিব্রুগড়ক লৈ চৰম উৎকণ্ঠা আৰম্ভ হয় লুৰিণজ্যোতি গগৈৰ৷ এতিয়া লুৰিণজ্যোতি গগৈয়ে ডিব্রুগড়ৰ পৰিৱর্তে লখিমপুৰৰ পৰা নির্বাচন খেলাৰ মন মেলিছে৷ অকল ইমানেই নহয়, লুৰিণজ্যোতি গগৈয়ে কংগ্রেছৰ সৈতে মিত্রতাত থাকিও ভিতৰি ভিতৰি সহায় বিচাৰিছে বিজেপিৰ৷ অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণী বৰুৱাক ফোন কৰি সহায় বিচৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আজি লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণী বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে কালি পুৱাৰ ভাগতে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ পৰা তেওঁলৈ এটা ফোন আহে৷ হোৱাটছএপত অহা ফোনটোত জগদীশ ভূঞাই কয় যে আসন্ন লোকসভা নির্বাচনত লুৰিণজ্যোতি গগৈয়ে লখিমপুৰ লোকসভাৰ আসনখনৰ পৰা নির্বাচন খেলিব বিচাৰিছে৷ বৰুৱা যিহেতু এজন প্রাক্তন আছুনেতা তথা আঞ্চলিকতাবাদী মনৰ মানুহ, সেয়ে আঞ্চলিকতাবাদী শিবিৰৰ লুৰিণজ্যোতি গগৈক সহায় কৰিবলৈ অনুৰোধ জনায়৷ এই ঘটনাই ৰাজনৈতিক মহলত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কংগ্রেছৰে মিত্রতা পাশত থকা অজাপই লখিমপুৰ জিলাৰ কংগ্রেছ সভাপতিৰ পৰা সমর্থন বিচৰাৰ পৰিৱর্তে বিজেপিৰ জিলা সভাপতিগৰাকীৰ পৰা সমর্থন বিচৰা ঘটনাটোৱে অধিক ৰহস্যৰ সৃষ্টি কৰিছে৷ এই সন্দর্ভত লখিমপুৰৰ বিজেপি বিধায়ক মানৱ ডেকাই আশ্চর্য প্রকাশ কৰি কয় যে অজাপ কংগ্রেছৰ লগত মিত্রতাত আছে আৰু সহায় বিচাৰিছে বিজেপিৰ জিলা সভাপতিৰ৷ ডিব্রুগড়ৰ পৰা লুৰিণজ্যোতি গগৈ যিদৰে আঁতৰিব লগা হ’ল লখিমপুৰৰ পৰাও তেওঁ জয়লাভ কৰিব নোৱাৰে বুলি স্পষ্ট মন্তব্য কৰে৷ সেইদৰে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পৱিত্র মার্ঘেৰিটায়ো এই ঘটনাত আশ্চর্য প্রকাশ কৰি কয় যে লুৰিণজ্যোতি গগৈয়ে য’তেই নির্বাচন নেখেলক কিয় কংগ্রেছৰ পৰাও ভোট নাপায়, জাতীয়তাবাদী মানুহেও তেওঁক ভোট নিদিয়ে৷ জাতীয়তাবাদ কৰাৰ নামত লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে কংগ্রেছৰ ওচৰত বিক্রী গৈছে৷

You might also like