নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত বালি কঢ়িওৱা ডাম্পাৰ ভস্মীভূত

নিয়মীয়া বাৰ্তা, ৩ মাৰ্চ : আজি আবেলি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী থানাৰ অন্তৰ্গত ৰঙামাটি দ্বিতীয় খণ্ড ছাতাগুৰি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথতে বালি মাটি কঢ়িওৱা ডাম্পাৰ গাড়ী হঠাৎ ৰাষ্ট্ৰীয় ঘাইপথত ভস্মীভূত হোৱা ঘটনাই অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। প্ৰাপ্ত বাতৰি মতে, আজি আবেলি পৰ্বতঝোৰাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি AS27C9550 নম্বৰ বালি কঢ়িওৱা ডম্পাখন বগৰীবাৰী অভিমুখে গৈ থকা অবস্থাত গাড়ীখন দাওদাওকৈ জ্বলি উঠে। পিছত বাৰ্ণিং ট্ৰেইনৰ দৰে গাড়ীখন নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে। লগতে জুইৰ কলা ধোঁৱাই গোটেই অঞ্চলটো ছানি ধৰে। লগে লগে ৰাষ্ট্ৰীয় ঘাইপথত ৰাইজৰ মাজত হুৱাদুৱা লাগে আৰু যাত্ৰীবাহী বাছ চলাচল স্তব্ধ হৈ পৰে। জুইৰ কলা ধোঁৱাই সমগ্ৰ অঞ্চল ছানি ধৰাৰ লগতে ৰাইজৰ মাজত এক আতংকময় পৰিবেশ বিৰাজ কৰে।ইপিনে ডেৰ ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাৰ বাবে বহু সময়  পৰ্বতঝোৰাৰ ৰষ্ট্ৰীয় ঘাই পথ আবদ্ধ হৈ পৰে।

প্ৰেৰক পাৰ্থসাৰথি চক্ৰবৰ্তী

You might also like