নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰি-ত জ্বলিল বিলাসী বাহন, নিশা ভয়ংকৰ দৃশ্য

নিশাৰ ভাগত চাংসাৰি আৰক্ষী থানাৰ অধীনত সংঘটিত হয় এক আতঙ্কজনক ঘটনা। ৰাজপথৰ মাজতে দাওদাওকৈ জ্বলি উঠে বিলাসী বাহন।

জানিব পৰা অনুসৰি, গুৱাহাটী অভিমুখৰ পৰা বাইহাটা চাৰিআলিৰ দিশে গৈ আছিল বাহনখন। হঠাতে বাহনখনৰ ইঞ্জিনৰ পৰা ধোঁৱা উঠিবলৈ আৰম্ভ কৰে আৰু কিছু সময়ৰ ভিতৰতে জ্বলি যায়।

প্ৰাথমিক সন্দেহ অনুসৰি, যান্ত্ৰিক বিজুতিৰ ফলতেই এনেদৰে বাহনখন জ্বলি উঠিছে বুলি অনুমান কৰা হৈছে। সৌভাগ্যবশতঃ ঘটনাত কোনো লোক হতাহত হোৱা নাই।

ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ

You might also like