নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাধৱ ৰাজবংশীক মেৰুদণ্ডহীন প্রার্থী আখ্যা বিধায়ক দিগন্ত কলিতাৰ

🎯কংগ্রেছ প্রার্থীৰ মনোনয়নত মাথোঁ ৫০০ লোকৰ উপস্থিতিয়ে হতাশ কৰিছে ভূপেন বৰাক

🎯মুংগেৰিলালৰ সপোন ভাগিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্রেছ প্রার্থী মাধৱ ৰাজবংশীক মেৰুদণ্ডহীন প্রার্থী আখ্যা দিছে বিধায়ক দিগন্ত কলিতাই৷ মঙলদৈ আৰু ওদালগুৰিত নির্বাচনী প্রচাৰ অভিযানত ব্যস্ত থকা কমলপুৰ সমষ্টিৰ বিধায়কজনে কয় যে মাধৱ ৰাজবংশীৰ মেৰুদণ্ড নথকা নেতা৷ বিগত ১০-১৫ বছৰে সমষ্টিটোৰ ৰাইজৰ স’তে কোনো সম্পর্ক নথকা মাধৱ ৰাজবংশীক কংগ্রেছে অবশেষত দলীয় প্রার্থিত্ব দিছে যদিও তেওঁৰ শোচনীয় পৰাজয় নিশ্চিত হৈছে৷ আজি মনোনয়ন দাখিলৰ সময়ত কংগ্রেছ প্রার্থীগৰাকীৰ স’তে ৫০০–৬০০ লোক উপস্থিত আছিল বুলি সদৰী কৰি কলিতাই কয় যে মনোনয়ন দাখিল পর্বতে ৰাজবংশীৰ পৰাজয় নিশ্চিত হৈছে৷ লোকসভা সমষ্টিটোৰ অধিকাংশ বিধানসভা সমষ্টিৰ ৰাইজে কংগ্রেছ প্রার্থীগৰাকীক চিনি নাপায় বুলি মন্তব্য কৰি কলিতাই কয় যে এনে লোকক ৰাইজে নির্বাচনত কেতিয়াও সমর্থন নকৰে৷ ইয়াৰ বিপৰীতে বিজেপি প্রার্থী দিলীপ শইকীয়াৰ জনসমর্থন দেখি বিৰোধী শিবিৰ হতাশ হৈছে বুলি কলিতাই মন্তব্য কৰে৷ তেওঁ কয় যে কংগ্রেছ দলক নেতৃত্ব দিয়াৰ ক্ষেত্রত ভূপেন বৰা চূড়ান্তভাৱে ব্যর্থ হৈছে৷ ভূপেন বৰাই আজি অৱশেষত স্বীকাৰ কৰিছে যে মুখ্যমন্ত্রীৰ সপোন তেওঁৰ মুংগেৰিলালৰ সপোন আছিল৷ এতিয়া তৃণমূল পর্যায়ত জনসমর্থন হেৰুওৱাৰ ছবিখন স্পষ্ট হোৱাৰ লগে লগে ভূপেন বৰাৰ স্বপ্নভংগ হৈছে৷ দৰং ওদালগুৰিৰ প্রার্থীগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত মাথোঁ ৫০০–৬০০ লোকৰ উপস্থিতিয়ে ভূপেন বৰাক হতাশ কৰি তুলিছে৷ এতিয়া তেওঁৰ মুখ্যমন্ত্রীৰ সপোন দূৰৰ কথা, লোকসভা নির্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে প্রদেশ কংগ্রেছৰ সভাপতিৰ আসনখনো ভূপেন বৰাই হেৰুৱাব লাগিব বুলি মন্তব্য কৰে বিধায়ক কলিতাই৷

You might also like