নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমত নিৰ্বাচনী সভা লাইভ কৰি বিপদত ৰকিবুল হুছেইন

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন লৈ কাৰণ দৰ্শোৱাৰ জাননী ধুবুৰীৰ বিলাসীপাৰা নিৰ্বাচনী জিলাৰ আৰ্হি আচৰণ বিধি কোষ (model code of conduct cell)ৰ ন’ডেল বিষয়াৰ। বিইএল (এলএচ) ৩৪/২০২৪/১ নম্বৰৰ আজি জাৰী কৰা সেই পত্ৰখনত বিগত ২৮ মাৰ্চৰ দিনা ২নং ধুবুৰী লোকসভা সমষ্টিৰ ৯নং বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমুলতলাত বিধায়ক ৰকিবুল হুছেইনকে ধৰি অন্যান্য মান্যগণ্য উপস্থিত থকা কাৰ্য্যসূচী বিলাসীপাৰা জিলা নিৰ্বাচনী বিষয়াৰ কোনো ধৰণৰ পূৰ্ব অনুমতি নোহোৱাকৈ সামাজিক মাধ্যমত ‘লাইভ’ দেখুওৱা কাৰ্য্য নিৰ্বাচনী বিধি উলংঘা কৰিছে স্পষ্ট ভাবে উল্লেখ আছে আৰু তাৰেই পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিধি উলংঘা কৰা বাবে কিয় প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব নালাগে সেয়া দৰ্শাই তিনি দিনৰ ভিতৰত লিখিত ভাবে জনাবলৈ সময়সীমা বান্ধি দিয়া হৈছে হুছেইনক।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like