নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত মঘাই চেনাই গ্ৰুপৰ বিহু-আধুনিক নৃত্যৰ প্ৰশিক্ষণ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২ জুলাই : সম্প্ৰতি বিদ্যালয়সমূহত গ্ৰীষ্মকালীন ছুটী আৰম্ভ হৈছে। এই সময়তে ছাত্ৰ-ছাত্ৰীসকল উদগ্ৰীৱ হৈ পৰে নিজৰ অন্যান্য প্ৰতিভা বিকাশৰ বাবে ভিন্ন কলাকৌশল প্ৰদৰ্শনত। সেই উপলক্ষে বৃহত্তৰ দক্ষিণ কামৰূপৰ অগ্ৰণী সাংস্কৃতিক সংস্থা মঘাই চেনাই গ্ৰুপৰ উদ্যোগত আৰু পাৰ্ক ৰেষ্টুৰেন্টৰ সহযোগত আয়োজন কৰা হৈছে বিনামূলীয়া বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালা। বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালা আয়োজক সমিতিৰ পৰিচালক তথা কন্ঠশিল্পী জিতেন দাসে জনোৱা মতে, বকো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত ২ জুলাইৰ পৰা ৮ জুলাইলৈ সাতদিনীয়াকৈ আয়োজন কৰা হৈছে কৰ্মশালাৰ। ইফালে, মঘাই চেনাই গ্ৰুপৰ সভানেত্ৰী মুনমুনি বড়ো, সম্পাদিকা কাশ্মীৰী ৰাভাই জনোৱা মতে, বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। ইতিমধ্যে শতাধিক ছাত্ৰ-ছাত্ৰী তথা অংশগ্ৰহণকাৰীয়ে যোগাযোগ কৰি প্ৰ-পত্ৰ পূৰণ কৰিছে। বহুকেইজন বিশিষ্ট নৃত্য প্ৰশিক্ষক তথা সমল ব্যক্তিক কৰ্মশালাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। আজি বিহু আৰু আধুনিক নৃত্য প্ৰশিক্ষণ কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা আৰু আদিত্য ৰাভাই। বিশিষ্ট শিল্পী শশাংক ভৱানীয়ে আঁত ধৰা অনুস্থানত শিল্পী দেৱজিৎ দাস, কৃষ্ণ দাস, পিংকী মণ্ডল, জ্যোতি প্ৰসাদ ৰাভা, প্ৰফুল্ল দাস, ৰতন শৰ্মা, কিশোৰ বড়োকে ধৰি বহুকেইজন সাংবাদিক তথা বিশিষ্ট অতিথি উপস্থিত থাকে। এক মনোমোহা পৰিৱেশত জীতেন দাসৰ এটি আধুনিক গীতেৰে কৰ্মশালাখনৰ শুভাৰম্ভণি কৰা হয়।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like