নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলেজে কলেজে সহকাৰী অধ্যাপকৰ বহু খালী পদ

👉ডিচিবি গার্লছ কলেজত ৫টা ৭ সহকাৰী অধ্যাপকৰ পদ খালী

👉টিংখাং কলেজত ৩টা সহকাৰী অধ্যাপকৰ পদ খালী

👉এমডিকেজি কলেজত ৩ সহকাৰী অধ্যাপকৰ পদ খালী

👉এমচি কলেজ বৰপেটা সহকাৰী অধ্যাপকৰ ৬টা পদ খালী

👉দক্ষিণ কামৰূপ কলেজত ৭টা সহকাৰী অধ্যাপকৰ পদ খালী

 

দক্ষিণ কামৰূপ কলেজত ৭ সহকাৰী অধ্যাপকৰ পদ খালী

দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ চৰকাৰী অনুমোদিত ৭টা পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ মহাবিদ্যালয়খনৰ প্রকাশ কৰা বিজ্ঞাপন অনুসৰি খালী পদসমূহৰ ভিতৰত গণিতৰ ২টা, প্রাণী বিজ্ঞানৰ ১টা, ভূগোলৰ ১টা, অর্থনীতিৰ ১টা, ৰসায়ন বিজ্ঞানৰ ১টা আৰু পদার্থ বিজ্ঞানৰ ১টা পদ৷ ইয়াৰে গণিত, পদার্থ বিজ্ঞান, অর্থনীতি, ভূগোল আৰু প্রাণী বিজ্ঞানৰ পদকেইটা সংৰক্ষণমুক্ত৷ আনহাতে ৰসায়ন বিজ্ঞানৰ পদটো অনুসূচিত জাতিৰ (পাহাৰ) প্রার্থীৰ বাবে সংৰক্ষিত৷ পদসমূহৰ বাবে এই অহর্তাসম্পন্ন প্রার্থীৰ পৰা মেট্রিকৰ পৰা আৰম্ভ কৰি শিক্ষাগত অর্হতাৰ আৱশ্যকীয় নথিপত্রসহ আবেদন আহ্বান কৰা হৈছে৷ প্রার্থীৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ সংৰক্ষিত শ্রেণীৰ প্রার্থীৰ ক্ষেত্রত চৰকাৰী বিধি অনুসৰি বয়স ৰেহাইৰ সুবিধা আছে৷ ইচ্ছুক প্রার্থীয়ে যাৱতীয় নথিপত্র অহা ৮ জুলাইৰ ভিতৰত পোৱাকৈ আবেদন প্রেৰণ কৰিব পাৰে৷ প্রার্থীৰ অসমৰ স্থায়ী বাসিন্দাৰ প্রমাণ–পত্র থকাৰ লগতে স্থানীয় ভাষাৰ জ্ঞান অপৰিহার্য৷ আনহাতে প্রার্থীয়ে আবেদন মাচুল হিচাপে ১৫০০ টকা আৰটিজিএছ/এনইএফটিৰ জৰিয়তে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ একাউণ্ট নম্বৰত পোৱাকৈ পঠিয়াব লাগিব৷ চেণ্ড্রেল বেংক অৱ ইণ্ডিয়াৰ মির্জা শাখাৰ একাউণ্ট নম্বৰৱ হৈছে ০১৯০০২৪০৬৩৷ শিক্ষানুষ্ঠানখনৰ হৈ অধ্যক্ষই প্রকাশ কৰা এই পদৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুক প্রার্থীয়ে শিক্ষানুষ্ঠানখনৰ অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ ৱেবছাইটৰ সহায় ল’ব পাৰে৷

বৰপেটাৰ এমচি কলেজত সহকাৰী অধ্যাপকৰ ৬টা পদ খালী

বৰপেটাৰ এমচি কলেজত ৬টা সহকাৰী অধ্যাপকৰ পদৰ বাবে বিজ্ঞাপন দিয়া হৈছে৷ চৰকাৰী অনুমোদিত এই পদকেইটা হৈছে ক্রমে পদার্থ বিজ্ঞান, অর্থনীতি, শিক্ষাগতত্ত্ব আৰু প্রাণী বিজ্ঞানৰ৷ ইয়াৰে পদার্থ বিজ্ঞান আৰু প্রাণী বিজ্ঞানৰ পদৰ সংখ্যা ১টা যদিও অর্থনীতি আৰু শিক্ষাতত্ত্বৰ দুটাকৈ পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ এই পদসমূহৰ বাবে ইউজিচিৰ শেহতীয়া পদ নির্দেশনামর্মে অর্হতাসম্পন্ন প্রার্থীয়ে আবেদন কৰিব পাৰিব৷ আবেদন অহা ৮ জুলাইৰ ভিতৰত হোৱাকৈ প্রেৰণ কৰিব লাগিব৷ প্রার্থীয়ে আবেদন মাচুল হিচাপে ১৫০০ টকা ডিমাণ্ড ড্রাফটৰ জৰিয়তে অধ্যক্ষ এমচি কলেজৰ হৈ এছবিআইৰ বৰপেটা শাখাত ভঙাব পৰাকৈ পঠিয়াব লাগিব৷ তদুপৰি প্রার্থীসকল অসমৰ স্থায়ী বাসিন্দাৰ প্রমাণ পত্র থকাৰ লগতে স্থানীয় ভাষাৰ জ্ঞান থকা নিতান্তই প্রয়োজন৷ ইচ্ছুক প্রার্থীয়ে এই পদসমূহৰ বিষয়ে সবিশেষ জানিবলৈ শিক্ষানুষ্ঠানখনৰ ৱেবছাইটৰ সহায় ল’ব পাৰে৷ প্রার্থীৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীৰ ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ অৱশ্যে সংৰক্ষিত শ্রেণীৰ প্রার্থীৰ বাবে বয়সৰ উচ্চ সীমা ৰেহাই দিয়া হ’ব৷ সবিশেষ জানিবৰ বাবে প্রার্থীসকলে ৭০৯৯৭–০১৯৫৮ নম্বৰত যোগাযোগ কৰিব পাৰে৷

এমডিকেজি কলেজত সহকাৰী অধ্যাপকৰ পদ খালী

ডিব্রুগড় মনোহৰ দেৱী কানৈ গালর্ছ কলেজত তিনিটা সহকাৰী অধ্যাপকৰ পদ খালী হৈছে৷ পদসমূহ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ খালী থকা পদকেইটা ক্রমে অসমীয়া, ভূগোল আৰু গণিত বিষয়ৰ৷ পদসমূহ সংৰক্ষণমুক্ত৷ অর্হতাসম্পন্ন ইচ্ছুক প্রার্থীয়ে মেট্রিকৰ পৰা আৰম্ভ কৰি শিক্ষাগত অর্হতাৰ যাৱতীয় নথি–পত্রৰ সৈতে আবেদন কৰিব পাৰিব৷ প্রার্থীসকলৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত সর্বাধিক ৩৮ বছৰ হ’ব লাগিব৷ সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধি অনুসৰি বয়স ৰেহাইৰ সুবিধা লাভ কৰিব৷ প্রার্থীসকলে আবেদন মাচুল হিচাপে ১৫০০ টকা আদায় দিব লাগিব৷ আবেদন মাচুল বেংক ড্রাফটৰ জৰিয়তে অধ্যক্ষ এমডিকেজি কলেজৰ হৈ এছবিআইৰ ডিব্রুগড় শাখাত ভঙাব পৰাকৈ ড্রাফটযোগে পঠিয়াব লাগিব৷ প্রার্থীসকলে অহা ২ জুলাইৰ ভিতৰত পোৱাকৈ আবেদন পঠিয়াব লাগিব৷ আগ্রহী প্রার্থীসকলে সবিশেষ জানিবৰ বাবে শিক্ষানুষ্ঠানখনৰ ৱেবছাইটwww.mdkgcollege.edu.in চাব পাৰে৷

টিংখাং কলেজত সহকাৰী অধ্যাপকৰ পদ খালী

টিংখাং কলেজৰ উদ্ভিদ বিজ্ঞান, পদার্থ বিজ্ঞান আৰু প্রাণী বিজ্ঞানৰ এটাকৈ মুঠ তিনিটা সহকাৰী অধ্যাপক পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে৷ প্রাণী বিজ্ঞানৰ অধ্যাপকৰ পদটো অনুসূচিত জাতিৰ (পাহাৰ) বাবে সংৰক্ষিত৷ আনহাতে আন দুটা পদ অ’বিচি/এম’বিচি প্রার্থীৰ বাবে সংৰক্ষিত৷ ইউজিচিৰ শেহতীয়া পদ নির্দেশনামর্মে অর্হতাসম্পন্ন প্রার্থীয়ে এই পদৰ বাবে মেট্রিকৰ পৰা স্নাতকোত্তৰলৈ শিক্ষাগত অর্হতাৰ যাৱতীয় নথিপত্রৰ সৈতে অহা ১০ জুলাইৰ ভিতৰত পোৱাকৈ আবেদন জনাব লাগিব৷ প্রার্থীৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ অৱশ্যে সংৰক্ষিত শ্রেণীৰ প্রার্থীৰ বাবে চৰকাৰী বিধি অনুসৰি বয়স ৰেহাই দিয়া হ’ব৷ প্রার্থীসকলে আবেদন মাচুল ১৫০০ টকা জমা দিব লাগিব৷ প্রার্থীসকল অসমৰ স্থায়ী বাসিন্দা হোৱাৰ উপৰি অসমীয়া তথা স্থানীয় ভাষাৰ জ্ঞান থকা হ’ব লাগিব৷ এই বিষয়ে সবিশেষ জানিবলৈ শিক্ষানুষ্ঠানখনৰ ৱেবছাইট[email protected] চাব পাৰে৷

ডিচিবি গার্লছ কলেজত সহকাৰী অধ্যাপকৰ পদ খালী

যোৰহাটৰ দেৱীচৰণ বৰুৱা গার্লছ কলেজত সহকাৰী অধ্যাপকৰ পদৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷ মুঠ খালী পদৰ সংখ্যা ৫টা৷ আবেদনৰ অন্তিম তাৰিখ ৪ জুলাই৷ খালী থকা পদসমূহ হ’ল কেমেষ্ট্রী, জুল’জী, মেথমেটিক্স, ইক’নমিক্স আৰু হিষ্ট’ৰী৷ ইউজিচিৰ দৰমহাৰ স্কেল অনুসৰি প্রার্থীসকল নিযুক্তি লাভৰ পিছত প্রতি মাহে ৫৭,৭০০ টকাৰ পৰা ১,৮২,৪০০ টকা লাভ কৰিব৷ প্রার্থীসকলে নেট/শ্লেট/ছেট পৰীক্ষাত উত্তীর্ণ হোৱাটো বাধ্যতামূলক৷ তদুপৰি, প্রার্থীসকলৰ পিএইচডি ডিগ্রী থকা বাঞ্ছনীয়৷ প্রার্থীসকলে নির্দিষ্ট বিষয়ত ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ উত্তীর্ণ হ’ব লাগিব৷ এছটি/এছচি/পিডব্লিউডি প্রার্থীৰ ক্ষেত্রত ৫ শতাংশ নম্বৰ ৰেহাই দিয়া হ’ব৷ প্রার্থীসকলৰ বয়স ২০২৩ চনৰ ১ জানুৱাৰীত ৩৮ বছৰৰ অধিক হ’ব নালাগিব৷ এছটি আৰু এছচি প্রার্থীৰ ক্ষেত্রত বয়সৰ উচ্চ সীমা ৫ বছৰ, অ’বিচি/এম’বিচিৰ ক্ষেত্রত ৩ বছৰ আৰু পিডব্লিউডি প্রার্থীৰ বয়স ১০ বছৰ ৰেহাই দিয়া হ’ব৷ আগ্রহী প্রার্থীসকলে ১,৫০০ টকাৰ ডিমাণ্ড ড্রাফ্টসহ অধ্যক্ষ দেৱীচৰণ বৰুৱা গার্লছ কলেজ, যোৰহাট, পিন–৭৮৫০০১ ঠিকনাত আবেদন–পত্র পঠিয়াব পাৰিব৷

You might also like