নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফা স্বাধীনৰ শিবিৰত মোক্ষম আঘাত; শীৰ্ষ কেডাৰ মৃগাংক অসমৰ আত্মসমৰ্পণ

আলফা স্বাধীনৰ শিৱিৰত পুনৰ এক মোক্ষম আঘাত পৰিছে। আলফা স্বাধীনৰ শীৰ্ষ কেডাৰ মৃগাংগ অসম ওৰফে বুদ্ধেশ্বৰ গোঁহাই আজি অস্ত্ৰসহ তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷ তিনিচুকীয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুৰৱ অভিজিৎ দিলিপে জানিব দিয়া অনুসৰি, অসম-অৰুণাচল সীমান্তত তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ তথা ম্যানমাৰস্থিত ৭৭৯ শিৱিৰৰ অপাৰেচন কামাণ্ডাৰ মৃগাংক অসমে ৷ আত্মসমৰ্পণৰ সময়ত আলফা স্বাধীনৰ কেডাৰ গৰাকীয়ে এটা এম কিউ চিৰিজৰ আগ্নেয়াস্ত্ৰ, এটা হেণ্ড গ্ৰেনেডৰ লগতে বহু আপত্তিজনক সামগ্ৰী জমা দিয়ে ৷

সম্প্ৰতি তিনিচুকীয়া আৰক্ষীয়ে এক গোপন স্থানত সোধাপোচা চলাইছে মৃগাঙ্ক অসমক৷ মৃগাংক অসমৰ ঘৰ তিনিচুকীয়া জিলাৰ ডিৰাকত৷ ২০১০ চনৰ এপ্ৰিল মাহত বিদ্ৰোহী সংগঠনটোত যোগদান কৰিছিল মৃগাংক অসমে। মৃগাংক অসমে বহু ধনদাবী, অপহৰণৰ স’তে জড়িত আছিল ৷ বিগত কিছুদিনৰ পূৰ্বে ৰূপম অসমে আৰক্ষীৰ জালত পৰাৰ পাছত গুৰুত্বপূৰ্ণ দায়িত্ব আছিল মৃগাংক অসমৰ৷

কিন্তু পুনৰ মৃগাংক অসমেও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা ঘটনাই নিশ্চয়কৈ জোকাৰণিৰ সৃষ্টি কৰি আলফা স্বাধীনৰ মাজত ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত মৃগাংক অসমৰ পৰা বহু গোপন আৰু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বিশেষ বাৰ্তা, তিনিচুকীয়া, ১১ ছেপ্টেম্বৰ

You might also like