নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক্সপাৰ্ট একাডেমীৰ সম্প্ৰীতি সমাৰোহ ও বাৰ্ষিক অধিৱেশন সম্পন্ন

নিয়মীয়া বাৰ্তা, ৮ডিচেম্বৰ: মঙলবাৰে মহানগৰীৰ জিলা পুথিভৰালত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এক্সপাৰ্ট একাডেমী উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয়ৰ সম্প্ৰীতি সমাৰোহ ও বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায়। বিশিষ্ট সমাজসেৱক ড° অৰুণ শৰ্মাই সভাপতিত্ব কৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰে কৰবী কলিতাই। সভাৰ উদ্দেশ্য বাখ্যা কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা চিন্ময় জ্যোতি বৰাই আৰু সমগ্ৰ অনুষ্ঠানটি পৰিচালনা কৰে অসমীয়া বিভাগৰ প্ৰবক্তা অনু দেৱীয়ে। অধ্যক্ষ মৃদুল কলিতাই ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিদ্যালয় সপ্তাহত পাৰদৰ্শীতা দেখুওৱা ছাত্ৰ-ছাত্ৰী সকলোকো এই অনুষ্ঠানতে বঁটা প্ৰদান কৰে। অধ্যক্ষ মৃদুল কলিতাক এই অনুষ্ঠানতে হেঙেৰাবাৰী ছাত্ৰ সন্থাই সম্বধনা জনায়।

    এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উপ পৰীক্ষা নিয়ন্ত্ৰক ড° লৱ কুমাৰ ঠাকুৰীয়া, দিশপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অৱনী শৰ্মা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সহ সচিব(প্ৰশাসন) অমূল্য কুমাৰ মজুমদাৰ আদিকে ধৰি বহু কেইগৰাকী সমাজৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সফল কৰি তোলে। লগতে সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ আৰু পৰশ জ্যোতি কাশ্যপে।

You might also like