নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণ কেইবাটাও প্ৰকল্পৰ শুভ উদ্ধোধন

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নিজ সমষ্টি মাজুলি ভ্ৰমণ কৰে। এই ভ্ৰমণ কালতে   মাজুলীৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ দিশত বিশেষ ব্যৱস্থা গ্ৰহণেৰে  মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে জিলাখনৰ কৰতিপাৰত কৰতিপাৰ বহুমুখী বান আশ্ৰয় গৃহৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ আৰু ভূমি পূজন কৰে।
‘ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি’ৰ অধীনত আঁহতগুৰি অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনি ‘ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি’ৰে গড়মূৰ অঞ্চলৰ খহনীয়া প্ৰতিৰোধী আঁচনি আৰু’ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি’ৰে কৰতিপাৰ খহনীয়া প্ৰতিৰোধী আঁচনিৰ কাম-কাজৰ শুভাৰম্ভ কৰে।

উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ ‘ব্যক্তিগত হিতাধিকাৰীলৈ অনুদান আঁচনি (২০১৯-২০ বৰ্ষ)’ৰ ৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে।

এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ লগতে সাংসদ শ্ৰী প্ৰদান বৰুৱা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী যোগেন মহন, উচ্চপদস্থ বিষয়াসকলৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

ইয়াৰ আগতে মাজুলিত উপস্থিত হৈ  শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে স্থাপন কৰা মাজুলীৰ আজলী আই থানত উপস্থিত হৈ মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে থানখনৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প- সাংস্কৃতিক গৱেষণা কেন্দ্ৰ, অতিথি গৃহ আৰু পকী দেৱাল নিৰ্মাণৰ আধাৰশিলাপ্ৰেক্ষাগৃহৰ আধাৰশিলা’অসম দৰ্শন’ আঁচনিৰ অধীনত আজলী আই থানৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা সাংস্কৃতিক কেন্দ্ৰ গৃহৰ শুভ উদ্বোধন আৰু APDCLৰদ্বাৰা নিৰ্মাণ কৰা ৫ কিলোৱাটৰ সৌৰশক্তিচালিত বিদ্যুৎ কেন্দ্ৰৰ শুভ উদ্বোধন কৰে।

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শ্ৰী দীপক দাসৰ গ্ৰন্থ ‘কালানুক্ৰমত আজলি আই (বা-ভগা) থান সত্ৰ’ আৰু শ্ৰী জিতুল দাসৰ গ্ৰন্থ ‘বৈষ্ণৱবাদৰ ছাঁ পোহৰত মায়ামৰা সংস্কৃতি’ উন্মোচন কৰে।

You might also like