নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰেমে নামানে বাধাঃ দুখন ভৰি বিকল হোৱা স্বতেও প্ৰেমিকৰ সৈতে বিবাহত বহিল অনামিকা

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ   বৰ্তমান সময়ত ছচিয়েল মিডিয়াত এখন ফটো খুব ভাইৰেল হৈছে। এজন বিশেষ ভাৱে সক্ষম যুৱকৰ এখন বিয়া। খুব প্ৰশংসিত হৈছে ফটোখন। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি চণ্ডীগড়ৰ এগৰাকী যুৱতীয়ে নিজৰ ভালপোৱাক প্ৰাধান্য দি এগৰাকী বিশেষ ভাবে সক্ষম প্ৰেমিকৰ সৈতে বহিল বিয়াত।

যুৱতীগৰাকীৰ নাম অনামিকা। অনামিকাই সৰুৱে পৰা ভাল পাইছিল ৰাহুলক। যুগ্ম জীৱনৰ কথাও চিন্তা কৰিছিল দুয়োৱে। কিন্তু নিষ্ঠুৰ নিয়তি। ২০১৬ চনত হোৱা এক পথ দুৰ্ঘটনাত পতিত হৈ নিজৰ দুয়োখন ভৰি হেৰুৱাই ৰাহুলে আৰু তেতিয়াৰ পৰাই এখন হুইল চেয়াৰতে দিনৰ পিছত দিন পাৰ কৰিবলগীয়া হৈছে ৰাহুলে।

প্ৰেম যে সঁচা সেইটো প্ৰমাণ কৰি দিলে অনামিকাই। ৰাহুলৰ পিতৃৰ চাকৰি সূত্ৰে চণ্ডীগড়ৰৰ পৰা কানপুৰলৈ বদলি হয়। অনামিকাই কানপুৰত আহি ৰাহুলক বিয়াৰ প্ৰস্তাৱ দিয়ে। আৰু অগ্নিৰ সন্মুখত দুয়ো যুগ্ম জীৱনৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হয়।
ছচিয়েল মিডিয়াত বহুলোকে দুয়োকে শুভেচ্ছা আৰু প্ৰশংসা কৰিছে দুয়োজনকে।

You might also like