নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ টপ-১০ কোটিপতি বিধায়ক কোন কোন ? ১২৬গৰাকী বিধায়কৰ ৬৭গৰাকীয়েই কোটিপতি

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ অসম বিধানসভাৰ ১২৬গৰাকী বিধায়কৰ ভিতৰত কিমানগৰাকী বিধায়ক কোটিপতি? স্বাভাৱিকতা জানিবলৈ মন যোৱা এই বিষয়টোৰ উত্তৰ দিছে এছোচিয়েচন ফৰ ডেমোক্ৰেটিক ৰিফৰ্মছে।

চমুকৈ এ ডি আৰ নামৰ সংস্থাটোৱে অসমৰ বিধায়কসকলৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিক লৈ এক তালিকা প্ৰস্তুত কৰিছে। বিগত নিৰ্বাচনৰ সময়ত বিধায়কসকলে দাখিল কৰা নিজ নিজ সম্পত্তিৰ তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে এই তালিকা।

কোটিপতি নেতাৰ ভিতৰত বিজেপিৰ ৩৪গৰাকী বিধায়ক, কংগ্ৰেছৰ ১১গৰাকী বিধায়ক, অগপৰ ১০গৰাকী বিধায়ক, বিপিএফৰ ৭গৰাকী বিধায়ক আৰু এআইইউডিএফৰ ৫গৰাকী বিধায়কৰ নাম আছে। মুঠ ৬৭ গৰাকী বিধায়ক তালিকা মতে কোটিপতি।

এই ৬৭গৰাকী বিধায়কৰ ভিতৰত শীৰ্ষ ১০ত আছে- নাহৰকটীয়াৰ অগপ বিধায়ক নৰেন সোণোৱাল (৩৩ কোটি ৯৪ লাখ), বৰক্ষেত্ৰীৰ বিজেপি বিধায়ক নাৰায়ণ ডেকা (১৭ কোটি ২৩ লাখ), যমুনামুখৰ এআইইউডিএফৰ বিধায়ক আব্দুৰ ৰহিম আজমল (১৩ কোটি ১০ লাখ), দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰী (১১ কোটি ৪৪ লাখ), পূব বিলাসীপাৰাৰ বিজেপি বিধায়ক অশোক সিংঘী (১০ কোটি ১০ লাখ), চিদলীৰ বিপিএফ বিধায়ক চন্দন ব্ৰহ্ম (৯ কোটি ৫৮ লাখ), ধুবুৰীৰ এআইইউডিএফ বিধায়ক নজৰুল হক (৮ কোটি ৯১ লাখ),

বঢ়মপুৰৰ অগপ বিধায়ক প্ৰফুল্ল মহন্ত (৭ কোটি ৯২ লাখ), ঢকুৱাখানাৰ বিজেপি বিধায়ক-মন্ত্ৰী নৱ কুমাৰ দলে (৭ কোটি ৩০ লাখ) আৰু চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকা (৭ কোটি ২৬ লাখ)। তালিকাত দুখীয়া বিধায়কৰো নাম উল্লেখ কৰা হৈছে। ১২৬গৰাকী বিধায়কৰ ভিতৰত সবাতোকৈ দুখীয়া বিধায়ক হৈছে জলেশ্বৰৰ এআইইউডিএফৰ ছাহাবুদ্দিন আহমেদ। আহমেদৰ আছে ১ লাখ ৮১ হাজাৰ টকা মূল্যৰ সম্পত্তি।

You might also like