নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান!

নিয়মীয়া বাৰ্তা, ৮ মে : দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ হ’ব বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান। এক জাননী যোগে সদৰী কৰিলে ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে। ৰাষ্ট্ৰীয় উদ্যানখনত ১৫ মে’ৰ পৰা হাতী চাফাৰী, ৰিভাৰ ৰাফটিং আৰু ৫ জুনৰ পৰা জীপ চাফাৰী বন্ধ হোৱাৰ কথা সদৰি কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে কয়, প্ৰতি বছৰৰ দৰে এইখিনি সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হৈ আহিছে। বাৰিষা অহাৰ ফলত বেঁকী নৈৰ পানী বঢ়া কমা হৈ থকাৰ বাবে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে’ৰ পৰা ৰিভাৰ ৰাফটিং বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে হাতী চাফাৰী গোটেই অসমতে মে’ মাহ আৰম্ভ হোৱাৰ লগে লগেই বন্ধ হয়। কিন্তু ৰাজ্য চৰকাৰৰ দুই বছৰ সম্পূৰ্ণ হোৱা হেতুকে মানাহত ১০/১২ দিন বঢ়াই দি ১৫ মে’ৰ পৰা হাতী চাফাৰী আৰু হাতী আপকীফ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যান খনত ঘাঁহনি বেছি আৰু ৰাস্তা-ঘাতৰ কিছু সমস্যা হয় বাবে অন্য বছৰৰ দৰে এইবাৰো ৫ জুনত জীপ চাফাৰী বন্ধ হোৱাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে প্ৰায় তিনি মাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি দিয়াৰ কথাও জানিব দিয়ে।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like