নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰৰ পৰিস্থিতিৰ বাবে ১১ মে’ৰ পৰিৱর্তে ২৬ মে’ত অসমলৈ অমিত শ্বাহ

বিশেষ বাৰ্তা, ৮ মে : মণিপুৰৰ পৰিস্থিতিৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণ সাময়িকভাৱে পিছুওৱা হৈছে। ১১ মে’ৰ পৰিৱর্তে অহা ২৬ মে’তহে অসমলৈ আহিব গৃহমন্ত্রী শ্বাহ৷ আজি বিয়লি জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰি কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণ পিছুওৱাৰ পৰিপ্রেক্ষিতত ১১ মে’ত নিযুক্তিপত্র বিতৰণ অনুষ্ঠানত ২৬ মে’লৈ পিছুওৱা হৈছে৷ অৱশ্যে প্রার্থীসকলৰ চাকৰিত যোগদানৰ তাৰিখ পূর্ব নির্ধাৰিত ১ জুনেই আছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ যি পদক্ষেপ লৈছে, ইতিমধ্যে সেই প্রক্রিয়াৰ জৰিয়তে ৪১,৯২০ গৰাকী নিযুক্তি লাভ কৰিছে৷ অহা ১১ মে’ত নতুনকৈ ৪৫,৪০১গৰাকীক নিযুক্তি পত্র দিয়াৰ ব্যৱস্থা কৰে৷ কিন্তু কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ ভ্রমণসূচী পিছুওৱাৰ পৰিপ্রেক্ষিতত নিযুক্তি পত্র বিতৰণ পর্ব অহা ২৬ মে’লৈ পিছুৱাই দিয়ে৷

You might also like