নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন চৌহদৰ পথত হ’ব ষ্ট্রীটফুড বজাৰ

মুম্বাইৰ খাও গলিৰ দৰে কৰাৰ পৰিকল্পনা গুৱাহাটী পৌৰ নিগমৰ

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ স্মার্টচিটীৰ ৰূপ পাবলৈ গৈ থকা গুৱাহাটী মহানগৰীত ষ্ট্রীটফুড লেন গঢ়াৰ পৰিকল্পনা হাতত লৈছে গুৱাহাটী পৌৰ নিগমে৷ মুম্বাইৰ খাও গলিৰ দৰেই গুৱাহাটীৰ পথটোত সু–শৃংখলিত আৰু প্রণালীবদ্ধ ৰূপত পদপথ ব্যৱসায়ীসকলক সংস্থাপিত কৰাৰ লক্ষ্যৰে এই পৰিকল্পনা কৰা হৈছে বুলি পৌৰ আয়ুক্ত দেৱাশিস শর্মাই জানিবলৈ দিছে৷ গুৱাহাটী মহানগৰীৰ নির্বাচিত এলেকাবোৰ বাণিজ্যিক কেন্দ্র আৰু ষ্ট্রীটফুড লেনলৈ ৰূপান্তৰ কৰাৰ বাবে পৌৰ নিগমে চিন্তাচর্চা কৰিছে৷

পৌৰ আয়ুক্ত দেৱাশিস শর্মাই জানিবলৈ দিয়া মতে, পাণবজাৰৰ কটন বিশ্ববিদ্যালয় চৌহদ এলেকাক প্রথম পর্যায়ত মুম্বাইৰ খাও গলিৰ দৰে ষ্ট্রীটফুড লেন হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে৷ ইতিমধ্যে এই সন্দর্ভত সদৌ অসম পদপথ ব্যৱসায়ী সন্থাৰে পৌৰ নিগম কর্তৃপক্ষই আলোচনাত মিলিত হৈছে৷ পাণবজাৰত হ’ব লগা এই ষ্ট্রীটফুড লেন সন্দর্ভত গুৱাহাটীবাসীৰ মতামত গ্রহণ কৰিহে পৌৰ নিগমে সিদ্ধান্ত ল’ব বুলি পৌৰ আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে৷ এই ষ্ট্রীটফুড লেনত ২০গৰাকী পদপথ ব্যৱসায়ীক পুনৰ সংস্থাপিত কৰা হ’ব৷

গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়নভুক্ত পদপথ ব্যৱসায়ীসকলেহে এই সুবিধা লাভ কৰিব৷ অতিকমেও পাঁচ বছৰ পদপথত ব্যৱসায় কৰি অহা পৌৰ নিগমৰ পঞ্জীয়নভুক্ত পদপথ ব্যৱসায়ীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব৷ পদপথত পৰিষ্কাৰ–পৰিচ্ছন্ন পৰিৱেশত আৰু বিজ্ঞানসন্মতভাৱে মহানগৰবাসীক থলুৱা, পৰম্পৰাগত খাদ্যৰ লগতে চাইনীজ আৰু পশ্চিমীয়া সু–স্বাদু খাদ্য বিক্রী কৰি অহা ব্যৱসায়ীকহে অগ্রাধিকাৰ দিয়া হ’ব৷ স্বচ্ছ আৰু নিকা পদ্ধতিৰে সর্বসন্মতিক্রমে ষ্ট্রীটফুড লেনত ২০গৰাকী ব্যৱসায়ীক পুনৰ সংস্থাপিত কৰা হ’ব৷ এই ব্যৱসায়ীসকলক জি পি এছৰ জৰিয়তে ট্রেক কৰা হ’ব৷ অনুমতিপ্রাপ্ত ব্যৱসায়ীয়েহে পাণবজাৰৰ ষ্ট্রীটফুড লেনত ব্যৱসায় কৰিব পাৰিব৷ ৰাইজৰ মতামত আৰু ব্যৱসায়ীসকলৰ সৈতে কৰা আলোচনাৰ অন্তত ছমাহৰ ভিতৰত পাণবজাৰ কটন বিশ্ববিদ্যালয় চৌহদত ষ্ট্রীটফুড লেন হৈ উঠাৰ সম্ভাৱনা আছে৷

You might also like