নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সনাতনী সংস্কৃতিত বিশ্বাসীসকলৰ মনত কৃষ্ণ সংস্কৃতি জাগ্রত হৈ থাকক সদায়

🔹 নলবাৰীৰ ৰাস মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন নৰেশ কলিতাৰ

নিয়মীয়া বার্তা, ৯ ডিচেম্বৰ : চলিত বর্ষত নলবাৰী ৰাস মহোৎসৱৰ ৯০সংখ্যক বর্ষ উদযাপিত হৈ আছে ৷ নলবাৰী ৰাসৰ সৈতে মোৰ চল্লিশ বছৰ পুৰণি সম্পর্ক৷ নলবাৰীৰ পৰাই মই সংবাদ সেৱা আৰম্ভ কৰিছোঁ ৷ কৃষ্ণ সংস্কৃতি প্রায় ৫ হাজাৰ বছৰ পুৰণি৷ সনাতনী সভ্যতা–সংস্কৃতিৰ অন্যতম বাহক শ্রীকৃষ্ণ ৷ কৃষ্ণ সংস্কৃতি আমাৰ মন–প্রাণত আছে৷ মই আশা কৰোঁ- এই সনাতনী সংস্কৃতিত বিশ্বাসীসকলৰ মনত কৃষ্ণ সংস্কৃতি সদায় জাগ্রত হৈ থাকক৷– নলবাৰী হৰিমন্দিৰ প্রাংগণত অনুষ্ঠিত ১৩ দিনীয়া ৯০সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ শেষৰ দিনৰ নিশা ৯ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি এনেদৰে কয় ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই ৷ সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰা অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই কয়– নলবাৰীত মৃণ্ময় মূর্তিৰে আৰম্ভ কৰা ৰাসত এতিয়া জীৱন্ত ৰাস অনুষ্ঠিত কৰিছে৷ তাৰ বাবে মই ৰাস মহোৎসৱ সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ তেওঁ লগতে কৃষ্ণ সংস্কৃতিৰ ওপৰত ব্যাখ্যা আগবঢ়ায়৷ সাংস্কৃতিক অনুষ্ঠানত গুৰুজী আদ্য শর্মা বঁটাপ্রাপক প্রাঞ্জল শহকীয়াই ৰাস মহোৎসৱ তথা নলবাৰী ৰাস মহোৎসৱৰ এক বিশাল আয়োজন কৰা বাবে নলবাৰীবাসীক ধন্যবাদ জনায়৷ সাংস্কৃতিক কার্যসূচীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাস মহোৎসৱ উদযাপন সমিতিৰ কার্যকৰী সভাপতি মদন মালাকৰ, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, হৰিমন্দিৰ সমিতিৰ কার্যনির্বাহক গণেশ তামুলী আৰু সাংস্কৃতিক কর্মী গণেশ ৰায় মেধি (বংকিম)৷ অনুষ্ঠানটো পৰিচালনা কৰে নলবাৰী হৰিমন্দিৰ সমিতিৰ কার্যনির্বাহক সদস্য ধ্রুৱজ্যোতি শর্মা, সুকুমাৰ শর্মা, পংকজ বর্মন, দিলজিৎ বর্মন, ৰাতুল ৰয়, হেমন্ত কুমাৰ দাস আদিয়ে৷ অনুষ্ঠানটোৰ আঁত ধৰে সাগৰিকা গোস্বামীয়ে৷

প্ৰেৰক বীৰেন কলিতা

You might also like