নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত ১০৬ কেজি ভাংসহ দুজনক আটক

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড আৰক্ষী আৰু লালপানী আৰক্ষীয়ে আজি পুৱা অভিযান চলাই ১০৬ কেজি ভাং জব্দ কৰাৰ লগতে ভাং সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আজি পুৱাৰ ভাগত লালপানী আৰক্ষী চকীৰ আই চি প্ৰণৱ বৰুৱা আৰু ভৈৰৱকুণ্ড আৰক্ষী চকীৰ আই চি প্ৰশান্ত গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোপন খবৰৰ ভিত্তিত ওদালগুৰি থানা এলেকাৰ অসম-অৰুণাচল সীমান্ত অঞ্চলৰ ঘন জংঘলৰ মাজেৰে আহি থকা অৱস্থাত ১০৬ কিলোগ্ৰাম ভাংসহ ওদালগুৰি থানা এলেকাৰ বাধা গাঁৱৰ বীৰু কৰোৱা (২২) আৰু মণ্টু  কৰোৱা (১৯)ক আটক কৰি ভাংসহ ভৈৰৱকুণ্ড আৰক্ষী চকীলৈ লৈ আহে। আটকাধীন লোক দুজনক আজি ভৈৰৱকুণ্ড আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে জে’ল হাজোতলৈ প্ৰেৰণ কৰে। জব্দ কৰা ভাংখিনিৰ আনুমানিক মূল্য প্ৰায় ১২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like