নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানৰ সমুদ্র তীৰত শ শ টন মাছৰ ৰহস্যজনক মৃত্যু

🔹 পানীত অক্সিজেনৰ অভাৱ : হতচকিত স্থানীয় বাসিন্দা

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : জাপানত ৰহস্যজনকভাৱে অসংখ্য মাছৰ মৃত্যু হৈছে৷ দেশখনৰ হোকাইডো দ্বীপৰ হাকোডেট অঞ্চলৰ সমুদ্র তীৰত উটি আহিছে এই মৰা মাছবোৰ৷ প্রায় ১ কিলোমিটাৰ দৈর্ঘ্য অঞ্চল মৃত মাছেৰে ভৰি পৰিছে৷ এই মাছবোৰৰ ভিতৰত ছার্ডাইনছ আৰু মাকেৰেল মাছো আছে৷ এনেদৰে শ শ টন মাছৰ মৃত্যু হোৱা বিষয়টোক লৈ সৃষ্টি হৈছে ৰহস্য৷ স্থানীয় বাসিন্দাসকল হতচকিত হৈ পৰিছে৷ কি কাৰণত এনেদৰে মাছবোৰৰ মৃত্যু হ’ল, তাক লৈ বিভিন্ন মহলত প্রশ্ণৰ অৱতাৰণা হৈছে৷ স্থানীয় প্রশাসনে এই মাছ বিক্রী বা খোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছে যদিও একাংশ লোকে এই নিষেধাজ্ঞা উলংঘা কৰিও মাছ সংগ্রহ কৰিছে৷ হাকোডেটৰ মীন গৱেষণা প্রতিষ্ঠানৰ বিজ্ঞানী টাকাছি ফুজিঅ’কাইয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি ইয়াৰ পূর্বেও এনেধৰণৰ পৰিঘটনাৰ কথা শুনিবলৈ পোৱা গৈছিল৷ কিন্তু প্রথমবাৰৰ বাবে এনেদৰে একেলগে শ শ টন মাছৰ মৃত্যু হোৱা ঘটনা প্রত্যক্ষ কৰা হৈছে৷ পানীত অক্সিজেনৰ অভাৱৰ বাবে এনে ঘটনা সংঘটিত পাৰে বুলি ধাৰণা কৰিছে বিজ্ঞানীগৰাকীয়ে৷

You might also like