নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ জুনৰ পৰা হজযাত্ৰা : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৬,৩০২ হজযাত্রী মক্কালৈ

বিশেষ বার্তা, ৩১ মেঃ ৪ জুনৰ পৰা অসম তথা উত্তৰ–পূবৰ হজযাত্রীসকলে পবিত্র হজৰ বাবে মক্কালৈ যাত্রা কৰিব৷ এইবেলি উত্তৰ–পূর্বাঞ্চলৰ মুঠ ৬,৩০২ হজযাত্রী পর্যায়ক্রমে মক্কালৈ যাব৷ ৪ জুনৰ পৰা ১৯ জুনলৈ গুৱাহাটী বিমানবন্দৰৰ পৰা দিল্লী আৰু মুম্বাই হৈ হজযাত্রীসকলে জেড্ডালৈ ডৰা মাৰিব৷ হাজি মুছাফিৰ খানাত অনুষ্ঠিত সংবাদমেলত অসম আৰু উত্তৰ–পূব হজযাত্রীৰ অভ্যর্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে এই কথা সদৰী কৰে৷ তেওঁ কয় যে পূর্বৰ চুক্তি অনুসৰি গুৱাহাটী বিমান বন্দৰৰ পৰা গ’ ফাষ্ট চাটার্ড বিমানেৰে উত্তৰ–পূবৰ হজযাত্রীসকলক মক্কালৈ যোৱাৰ কথা আছিল যদিও বিমান কর্তৃপক্ষৰে সৈতে চুক্তি বাতিল হৈছে৷ সেয়ে এতিয়া গুৱাহাটী বিমানবন্দৰৰ পৰা দৈনিক দুখনকৈ ইণ্ডিগো বিমান হজযাত্রীক লৈ দিল্লী আৰু আন এখন বিমান মুম্বাইলৈ ৰাওনা হ’ব৷ উত্তৰ–পূবৰ কিছুসংখ্যক হজযাত্রী কলকাতাৰ পৰা যাত্রা কৰিব৷ দিল্লী আৰু মুম্বাই বিমান বন্দৰৰ পৰা চার্টার্ড বিমানেৰে অসম তথা উত্তৰ–পূবৰ হজযাত্রীসকলক পোনে পোনে চৌডি আৰবৰ জেড্ডালৈ লৈ যোৱা হ’ব৷ জেড্ডাৰ পৰা হজযাত্রীসকলে মক্কালৈ ৰাওনা হ’ব৷ আনহাতে হজযাত্রীসকলে ঘৰৰ পৰা বা বিমান বন্দৰত তেওঁলোকে এহৰাম নিজে পৰিধান কৰিব লাগিব৷  হজযাত্রীে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, তাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰী খৰচত ১৯গৰাকী খাদিমুল হজযাত্রীসকলৰ সৈতে ৰাওনা হ’ব৷ একেদৰে ১৪ গৰাকী স্বাস্থ্য কর্মীৰ এটা দল হজযাত্রীসকলৰ সৈতে ৰাওনা হ’ব৷

You might also like