নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিবাদত উত্তাল পল্টনবজাৰ : এএছটিচিৰ ৭৭১ কর্মচাৰীক চাটাই

বিশেষ বাৰ্তা, ৩১ মেঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ কর্মচাৰীক বর্খাস্তক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অবৈধ নিযুক্তি লাভ কৰাৰ অভিযোগেৰে কর্মচাৰীসকলক আজিৰ পৰা কার্যকৰী হোৱাকৈ সংশ্লিষ্ট কর্তৃপক্ষই বর্খাস্ত কৰিছে৷ ইয়াৰ পাছতে ক্ষুব্ধ কর্মচাৰীসকলে আজি প্রতিবাদেৰে উত্তপ্ত কৰি তোলে পল্টনবজাৰস্থিত এএছটিচিৰ কার্যালয়৷ চাকৰিৰ পৰা বর্খাস্ত হোৱা কর্মচাৰীসকলে পৰিচালনা সঞ্চালকৰ সাক্ষাৎ বিচাৰি কার্যালয়ত ধর্ণা, বিক্ষোভ প্রদর্শন কৰাৰ লগতে কাইলৈৰ পৰা কর্মবিৰতিৰ কার্যসূচী ঘোষণা কৰে৷ অসম ৰাজ্যিক পৰিবহণ কর্মচাৰী সন্থাই ৭৭১ কর্মচাৰীক বর্খাস্ত কৰিবলৈ লোৱা সিদ্ধান্ত গ্রহণযোগ্য নহয় বুলি আখ্যা দি কয় যে যেতিয়ালৈকে তেওঁলোকক পুনৰ মকৰল কৰা নহয় তেতিয়ালৈকে গণতান্ত্রিক আন্দোলন অব্যাহত থাকিব৷ ইফালে অসম ৰাজ্যিক পৰিৱহন নিগমত বিজ্ঞাপন, সাক্ষাতকাৰ অবিহনে যিসকল বিষয়াই ৭৭ কর্মচাৰীক নিযুক্তি দিছিল, সেইসকল বিষয়াৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব৷ সম্প্রতি বিষয়টোৰ ওপৰত তদন্ত চলি আছে আৰু সেইসকল বিষয়াৰ ওপৰত কঠোৰ ব্যৱস্থা হ’ব৷ এই হুংকাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷  মুখ্যমন্ত্রী ড০ শর্মাই অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১ কর্মচাৰীক ছাটাইৰ প্রসংগত কয় যে তেওঁলোকে কোনো সাক্ষাতকাৰ নিদিয়াকৈ নিযুক্তি লাভ কৰিছিল৷ সেয়ে সেই নিযুক্তি অবৈধ নিযুক্তি৷ সেইসকল প্রার্থীক যিসকল বিষয়াই নিযুক্তি দিছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা চৰকাৰে গ্রহণ কৰিব৷ আনকি কাৰো নাম উল্লেখ নকৰাকৈ ডেপুটেশ্বনত থকা বিষয়াকো তদন্তকাৰী বিষয়াই তলব কৰাৰ ইংগিত দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ডেপুটেশ্বনত থাকিলেও আৰক্ষী উপ পৰিদর্শক এজনে তেনে বিষয়াক তলব কৰিব পাৰে৷ এই অবৈধ নিযুক্তি হৈছিল পৰিবহন নিগমৰ পূর্বৰ পৰিচালন সঞ্চালক আনন্দপ্রকাশ তিৱাৰীৰ দিনত৷ আইপিএছ বিষয়া তিৱাৰী সম্প্রতি উত্তৰ প্রদেশত ডেপুটেশ্বনত আছে৷

You might also like