📌গুৱাহাটীৰ কৃত্রিম বান সন্দর্ভত মুখ্যমন্ত্রীৰ মন্তব্য
📌মেঘালয়ৰ ওপৰত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে
📌মেঘালয়ত কাম কৰিলেহে কৃত্রিম বানৰ সমস্যা সমাধান হ’ব
📌মেঘালয়ে আমাৰ কষ্টখিনি পানীত পেলাই দিয়ে
গুৱাহাটীত সৃষ্ট কৃত্রিম বান মেঘালয়ৰ বাবে হৈ আছে৷ চুবুৰীয়া ৰাজ্যখনত গছ–গছনি কাটি তহিলং কৰাৰ বাবেই পানী অসমলৈ নামি আহি বানৰ সৃষ্টি কৰি আহিছে৷ কৃত্রিম বানে সৃষ্টি কৰা জটিল পৰিস্থিতিক লৈ আজি পুনৰ মেঘালয়ক দোষাৰোপ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে কয়– মেঘালয়ৰ ওপৰত উচ্চতম ন্যায়ালয়ে এটা গোচৰৰ শুনানি লৈ আছে৷ মেঘালয় আৰু অসমৰ মাজত বিশেষ পার্থক্য নাই৷ কিন্তু কৃত্রিম বান ৰোধৰ বাবে মেঘালয়ত গৈ আমি কাম কৰিব নোৱাৰোঁ৷ বান নিয়ন্ত্রণৰ বাবে মেঘালয়ত আমি ড্রেইন বনাব লাগিব৷
যোৰাবাটত যি বানৰ সৃষ্টি হয়, তাৰ বাবে মেঘালয়ে যদি ড্রেইনটো বনাব নিদিয়ে, তেনেহ’লে আমি তাক কেনেকৈ প্রতিৰোধ কৰিম? সেইকাৰণে আমি উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ গৈছোঁ৷ মই আশা কৰোঁ যে অসম চৰকাৰৰ কথা উচ্চতম ন্যায়ালয়ে শুনিব৷ লক্ষ্য কৰিলে দেখিব– সদায় মেঘালয়ত লাগি থকা অঞ্চলটোতহে কৃত্রিম বানৰ সৃষ্টি হয়৷
কিছু পৰিমাণে ৰাষ্ট্রীয় ঘাইপথত হয় যদিও সেয়া নিয়ন্ত্রণত থাকে৷ কিন্তু মেঘালয়ে আমাৰ সমগ্র কষ্ট পানীত পেলাই আহিছে৷ যোৰাবাটৰ পানী মেঘালয় পাহাৰৰ পৰা চিধাই নামি আহে৷ ইয়াক কেনেকৈ নিয়ন্ত্রণ কৰিব, যদিহে মেঘালয়ে গছ–গছনি কটা বন্ধ নকৰে৷ ই এক বৃহৎ প্রত্যাহ্বান৷ কেনেকৈ ইয়াক দূৰ কৰিব পাৰি তাৰ চেষ্টা চলাই আছোঁ৷ উচ্চতম ন্যায়ালয়ে এইক্ষেত্রত ভাল ৰায় এটা দিব বুলি আমি আশা ৰাখিছোঁ৷
Niyomiya Barta Desk, 4 September