যশস্বী অভিনেতা অৰুণ নাথক ২০২৫ বৰ্ষৰ ভবেন বৰুৱা বঁটা প্ৰদান
■অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগ
■নলবাৰীত সপ্তদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা
■অসমীয়া জাতি আজি অস্তিত্বৰ সংকটতঃ পলাশ চাংমাই।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত সপ্তদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত কৰা এক গামীৰ্য্যপূৰ্ণ অনুষ্ঠানত অসমৰ চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা অৰুন নাথক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ২০২৫ বৰ্ষৰ ভবেন বৰুৱা বঁটা। বিশিষ্ট অভিনেতা গৰাকীক ফুলাম গামোচা, চেলেং, স্মাৰক, স্মৰণিকা ‘সংলাপ’, শৰাই, ফুলাম জাপি, নগদ ধন, প্ৰশস্তিপত্ৰ প্ৰদান কৰা হয়। নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই আঁত ধৰা আৰু যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি আচিক আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত ভবেন বৰুৱা বঁটা প্ৰদান আৰু দ্বিতীয় দিনাৰ নাট প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই কয় যে অসমৰ ভিতৰতেই এই শিশু নাট প্ৰতিযোগিতা খন নামজ্বলা প্ৰতিযোগিতা।ভবেন বৰুৱা নলবাৰীৰেই নহয় সমগ্ৰ অসমৰ নাট্য জগতৰ ধ্বজা বাহক।
এই বঁটা এক অমূল্য সম্পদ হিচাপে নাট্য জগতত দিয়া অবদান কাহানিও পাহৰিব নোৱাৰি।নাট্য জগতক আগুৱাই নিয়াৰ ক্ষেত্ৰক নলবাৰীৰ অৱদান চিৰ স্মৰনীয়।জাতীয়তাবাদী নেতা গৰাকীয়ে প্ৰসংগ ক্ৰমে কয়- ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ আগত জন্মিছে তেওঁ নাগৰিকত্ব ভিত্তি বৰ্ষ হিচাপে সিন্ধান্ত গ্ৰহন কৰিছে চৰকাৰে।অসমীয়া সকল এনেয়ে সংখ্যালঘুত পৰিণত হৈছে।
গতিকে অসমীয়া জাতি আজি অস্তিত্বৰ সংকটত। জাতিটো সুৰক্ষিত হ’লেহে ভবিষ্যত সুৰক্ষিত হৱ।অসমীয়া জাতিটোক কেঁকোৰা চেপা দিয়াটো সহ্য কৰা নহব বুলিও সকীয়াই চাংমাই।
ইপিনে, বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি অঃজাঃপঃৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ন, সন্মানীয় অতিথি হিচাপে নলবাৰীৰ শিল্পী-সাহিত্যিক কল্যান ন্যাসৰ সভাপতি জয়ন্ত হাজৰিকা উপস্থিত থাকি বক্তব্য ৰাখে।উক্ত অনুষ্ঠানৰ প্ৰাক মুহুৰ্তত বিশিষ্ট অভিনেতা অৰুন নাথক হাতীত উঠাই ঢূলীয়া, খুলীয়া, গায়ন-বায়নৰ দলে এক আদৰণি শোভাযাত্ৰা উলিয়াই নলবাৰী নাট্য মন্দিৰলৈ আদৰি আনে।ই
পিনে, ইয়াৰ পূৰ্বে নাট প্ৰতিযোগিতা আৰম্ভনী,সতীৰ্থ স্মৰণ, শিল্পী-সাহিত্যিকলৈ স্মৰন, সন্ধিয়াৰ ভাগত ভবেন বৰুৱা বঁটা প্ৰাপক প্ৰয়াত শিল্পীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ভবেন বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু দ্বিতীয় দিনৰ মঞ্চ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ পিছত সন্ধিয়া ১৫টাকৈ নাট্য দলে প্ৰতিযোগিতাত ভাগ লয়।
বিশেষ বাৰ্তা, নলবাৰী, ৪ ছেপ্টেম্বৰ